এইমছৰ চিকিৎসকে সুশান্তক শ্বাসৰুদ্ধ কৰি হত্যা কৰা বুলি মােক কৈছিল: দাবী অধিবক্তা বিকাশৰ

Sushant Singh Rajput and Rumi Jaffery

প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ হৈ আদালতত প্রতিনিধিত্ব কৰা অধিবক্তা বিকাশ সিঙে দাবী কৰা মতে, এইমছৰ চিকিৎসকে সুশান্তক শ্বাসৰুদ্ধ কৰি হত্যা কৰা বুলি তেওঁৰ আগত প্ৰকাশ কৰিছিল । এই সন্দৰ্ভত সিঙে টুইট কৰি কয় যে, ‘সুশান্তৰ মৃত্যু আত্মহত্যা নে হত্যা, সেই বিষয়ত সিদ্ধান্ত ল’বলৈ চি বি আয়ে যিদৰে বিলম্ব কৰিছে, এই কার্যত মই হতাশ হৈছাে ।

এইমছৰ চিকিৎসকে বহু আগেয়ে আমাক জনাইছিল যে তেওঁলােক দুশ শতাংশ নিশ্চিত যে সুশান্তক ডিঙি চেপি হত্যা কৰা হৈছিল । অধিবক্তাজনৰ এই টুইট শ্বেয়াৰ কৰি সুশান্তৰ ভগ্নী শ্বেতা সিং কীর্তিয়ে টুইটাৰত কয়, ‘আমি যথেষ্ট ধৈর্য ধৰি আছাে ।

সত্য সন্মুখলৈ আহিবলৈ আৰু কিমান সময়ৰ প্ৰয়ােজন হ’ব?’ উল্লেখ্য যে যােৱা ১৪ জুনত বান্দ্রাৰ এটা ফ্লেটত সুশান্তৰ মৃতদেহ ৰহস্যজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। অভিনেতাজনৰ মৃত্যুৰ সন্দৰ্ভত চি বি আইৰ লগতে এন চি বি, ই ডিয়ে তদন্ত অব্যাহত ৰাখিছে

Exit mobile version