বিটিআৰ গঠনত মুখ‍্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চিৰাঙত গণ সুৰক্ষা দলৰ প্ৰতিবাদ

WhatsApp Image 2020 09 26 at 7.08.13 PM

বিটিআৰ চুক্তিৰ পিচত শুক্ৰবাৰে অসম চৰকাৰে বিটিআৰ চুক্তি ৰূপায়ণৰ কাম আৰম্ভ কৰিছে । ইয়াৰ প্ৰতিবাদত আজি চিৰাঙত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিয়ে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিৰাং জিলাৰ কাশিকত্ৰাৰ টুংখুবাৰীত চিৰাং জিলা গণ সুৰক্ষা পাৰ্টীৰ সভাপতি শ্বহিদুল ইচলাম, সাধাৰণ সম্পাদক মনোৰঞ্জন যায় সহ বহু লোক উপস্থিত থাকি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

ADVERTISEMENT

একেদৰে জিলাখনৰ পাণবাৰীৰ ১নং বিষ্ণুপুৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ বিজনী জিলা অবড়ো সুৰক্ষা সমিতিৰ সহযোগত বিষ্ণুপুৰ আঞ্চলিক অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিটিচিৰ পৰা বিটিআৰ চুক্তি কাৰ্যকৰী সন্দৰ্ভত ঘোষণা কৰাৰ পিছতেই উত্তাল হৈ পৰিছে বিটিচি ।

অবড়ো লোকৰ সকলো অধিকাৰ কাঢ়ি এই বিটিআৰ চুক্তি সম্পাদন কৰাৰ অভিযোগ উত্থাপিত হৈছে।দুবাৰকৈ কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াক অন্ধকাৰত ৰাখি বিটিআৰ চুক্তি ৰূপায়ণ কৰাৰ পাছত বিটিচিত অবড়ো সুৰক্ষা সমিতিয়ে প্ৰতিবাদ জনাইছিল । এতিয়া আকৌ চুক্তি ৰূপায়ণৰ সময়তো অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিৰ লোকসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷

Exit mobile version