■ চেন্নাই হাস্পতালত শুকুৰবাৰে মৃত্যু হোৱা ৭৪ বছৰীয়া কণ্ঠশিল্পী এছ পি সুব্ৰমণিয়ামৰ শনিবাৰে চেন্নাইত বিয়লি তেখেতৰ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা হয় ।
■ তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ ৰেড শিলচ্ ফাৰ্মহাউচত আৰক্ষীৰ সম্পূৰ্ণ সন্মানেৰে শেষকৃত্য সম্পন্ন কৰে।
■ যাৰ কণ্ঠই বিগত ৫০ বছৰত হিন্দী ছবিৰ লগতে দক্ষিণ ভাৰতীয় একাধিক ভাষাৰ ছবিৰ দৰ্শক শ্ৰোতাক সুৰৰ মায়াজালেৰে মোহাবিষ্ট কৰি ৰাখিবলৈ সক্ষম হোৱা এছ পি সুব্ৰমণিয়ামৰ অন্তিম সৎকাৰৰ সময়ত তামিল আৰক্ষীয়ে ৭২টা টোপ ধ্বনিৰে চ্যেলুট দি সন্মানিত কৰে।
■ কিংবদন্তি গায়কজনক শেষ শ্ৰদ্ধা জনায় অভিনেতা বিজয়ে।
■ এছ পি সুব্ৰমণিয়ামৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়ত উপস্থিত আছিল প্ৰবীণ পৰিচালক ভাৰতীৰাজ আৰু গায়ক মনো । ইয়াৰ উপৰিও সংগীত সুৰকাৰ দেৱী শ্ৰী প্ৰসাদ আৰু কৌতুক অভিনেতা মাইলসামিয়ে অংশগ্ৰহণ কৰিছিল অন্ত্যেষ্টিক্রিয়াত ।
■ উল্লেখ্য যে, সুদীৰ্ঘ কাল ধৰি দেশৰ ১৬ টা ভাষাত ৪০ হেজাৰৰো অধিক শ্ৰুতিমধুৰ গীত উপহাৰ দি গৈছে এছ পি সুব্ৰমণিয়ামে ।
৭২ টা টোপ ধ্বনিৰে চ্যেলুট জনাই শেষকৃত্য সম্পন্ন কণ্ঠশিল্পী এছ পি সুব্ৰমণিয়ামৰ
![Assam News Today | ৭২ টা টোপ ধ্বনিৰে চ্যেলুট জনাই শেষকৃত্য সম্পন্ন কণ্ঠশিল্পী এছ পি সুব্ৰমণিয়ামৰ - Dainik Agradoot | WhatsApp Image 2020 09 26 at 5.59.04 PM](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Image-2020-09-26-at-5.59.04-PM.jpeg?fit=800%2C600&ssl=1)