অনলাইন মিটিং : নিজৰ পৰিৱৰ্তে ছবি ৰাখিবলৈ গৈ ধৰা পৰিল মেক্সিকোৰ সাংসদ

Screenshot 155

স্কুল-কলেজৰ অনলাইন ক্লাছত ফাঁকি দিয়াটো সম্ভৱ হ’লেও চাকৰিয়ালসকলে কার্যালয়ৰ মিটিঙৰ পৰা ৰক্ষা পােৱাৰ কোনাে উপায় নাই। কৰ’নাৰ প্ৰভাৱত সম্প্রতি ভিডিঅ’কলৰ মাধ্যমতেই মিটিংবিলাক পাৰ কৰিবলগীয়া হৈছে । ঘৰত থাকিয়েই মিটিঙত নিজৰ উপস্থিতি সাব্যস্ত কৰিবলগীয়া হৈছে সংশ্লিষ্টসকলে । এনে মিটিঙত কোনাে অজুহাতে কাম নিদিয়া হৈছে। যদি কোনােৱে মিটিং এৰাই চলিব বিচাৰে তেন্তে এগৰাকী মহিলা ৰাজনীতিকৰ অজুহাত কামত লগাই চাব পাৰে ।

ADVERTISEMENT

অৱশ্যে এনে ক্ষেত্ৰত ধৰা পৰি যােৱাৰাে ভয় নথকা নহয়। উল্লেখ্য যে মেক্সিকোৰ এগৰাকী সাংসদ ভেলেন্টিনা বাট্রেছ গুৱাদাৰমাই জুম এপ ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমত এখন বৈঠকত যােগদান কৰিছিল, কিন্তু সাংসদগৰাকীৰ মিটিঙত থকাৰ বৰ এটা ইচ্ছা নাছিল । সেয়েহে ইয়াৰ বাবে এক নতুন কৌশল গ্রহণ কৰে । প্রস্তুতি অৱশ্যে পূর্বৰে পৰা কৰি ৰাখিছিল । কোনেও যাতে বুজিব নােৱাৰে সেই ব্যৱস্থাও কৰি ৰাখিছিল সাংসদগৰাকীয়ে । অৱশ্যে তেওঁৰ শেষ ৰক্ষা নহ’ল । তেওঁ দিবলৈ চেষ্টা চলােৱা ফাঁকিৰ এক ভিডিঅ’ৰ মাধ্যমত সকলাে কথা পােহৰলৈ আহে ।

ভিডিঅ’টোত দেখিবলৈ পােৱা অনুসৰি বৈঠকৰ মাজতে সাংসদগৰাকীৰ স্থানত হঠাতে আন কোনােবা এগৰাকী আহিল, যিগৰাকী দেখিবলৈ ভেলেন্টিনাৰে যথেষ্ট মিল থকা  । কিন্তু ভালদৰে চালে বুজিব পাৰি যে, এই অদল বদল কোনো মানুহৰ দ্বাৰা হোৱা নাই। প্ৰকৃততে বহি থকা স্থানত নিজৰ এখন ছবি আনি সাংসদগৰাকীয়ে থৈ দিছে। স্ক্রীণত উক্ত সময়ত ভেলেন্টিনাসহ মুঠ ২০ জনক দেখিবলৈ পােৱা গৈছিল । অনুমান কৰা মতে একুৰি লােকৰ মাজত ভেলেন্টিনাৰ অদল-বদলক লৈ কোনেও চকু দিয়া নাছিল ।

ৰেকর্ডিং কৰা ভিডিঅ’টো পাছত একেখন বৈঠকতে উপস্থিত থকা জর্জ গেভিন’ আমব্রিজ নামৰ আইনজীৱী এজনে টুইট কৰে । জর্জে ভেলেন্টিনাক উদ্দেশ্যি সৰসভাৱে কয়, ‘মই প্রথমে ভাবিছিলাে আমাৰ কথা যথেষ্ট মনােযোেগৰে শুনিছে ভেলেন্টিনাই ।’ স্বাভাৱিকতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প’ষ্ট হােৱাৰ লগে লগে ভাইৰেল হৈ পৰে । অনলাইন মিডিয়াই যে একাংশৰ মাজত অৱসাদৰ সৃষ্টি কৰিছে সেই কথাও ইয়াৰ দ্বাৰা স্পষ্ট হৈছে।

Exit mobile version