- অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন আই পি এছ বিষয়া প্ৰদীপ কুমাৰে।
- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে পদত্যাগ কৰে অধ্যক্ষ কুমাৰে ।
- সূচাৰুৰূপে অসম আৰক্ষীৰ এছ আই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যর্থ হােৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ কথা প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে প্ৰদীপ কুমাৰে।
- এই সম্পৰ্কত “দৈনিক অগ্ৰদূত’ৰ আজিৰ সংখ্যাত প্ৰকাশ পাইছে বিস্তৃত প্ৰতিবেদন।
অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰৰ
