আকাশত সুখ নিদ্ৰা

Screenshot 157

আকাশত উৰাৰ সপােন সকলােৱে দেখিছে। কাৰােবাৰ বাবে এই সপােন অতিকৈ সুখকৰ হয়। কাৰােবাৰ আকৌ ভয় খাই হঠাতে টোপনি ভাঙি যায়, কিন্তু বিমান-হেলিকপ্টাৰ অথবা চৰাইৰ দৰে যিকোনাে উপায়েৰেই নহওক কিয়, আকাশত উৰাৰ ইচ্ছা সকলােৰেই থাকে। অৱশ্যে তুৰস্কৰ হাছান কাভাল নামৰ পেৰাগ্লাইডাৰজনে আলানিয়াৰ আকাশত যি কৰি দেখুৱালে তেনে কথা কিন্তু কোনেও সপােনতাে নাভাবে। হাছান কাভালে পেৰাছুটত বিছনা বান্ধি যে আকাশলৈ উৰি গ’ল। আকাশত উৰি থকা অৱস্থাতে হাছানে কিছু সময়ৰ বাবে টোপনিও মাৰি ল’লে।

ইউটিউবত সম্প্রতি এই সমগ্র ঘটনাটোৰ এটি ভিডিঅ’ জনপ্রিয় হৈছে। ভিডিঅ’টোত দেখিবলৈ পােৱা গৈছে হাছান আৰু তেওঁৰ দলে কিদৰে এই উৰণৰ বাবে প্রস্তুতি চলাইছে। লগতে  বিছনাত শুই থকা অৱস্থাতে কিদৰে আকাশৰ পৰা তললৈ নামি আহিছে সেই দৃশ্যও দেখিবলৈ পােৱা গৈছে । একাধিক কেমেৰাৰ জৰিয়তে সমগ্র ঘটনাটো বন্দী কৰা হৈছে। ভিডিঅ’টোৰ অধিক অংশ বিছনা তথা পেৰাছুটত থকা কেমেৰাৰ দ্বাৰা বন্দী কৰা হৈছে।

ইয়াৰ বাহিৰেও ড্রোন অথবা মাটিৰ পৰা দলৰ সদস্যসকলে বন্দী কৰা দৃশ্যও ভিডিঅ’টোত সংলগ্ন কৰা হৈছে। ভিডিঅ’টোত দেখিবলৈ পােৱা অনুসৰি হাছান এখন বিছনাত শুই আছে। বিছনাখনৰ লগত আছে দুখন টেবুল। এখন টেবুলৰ ওপৰত আছে এটি লেম্প। আনখনত আছে এখন খালী ফটো ফ্রেম। বিছনাত এটি পুতলাও আছে। নিশা টোপনি যােৱাৰ সময়ত পুতলাতাে হাছানৰ লগত থাকে। সেয়েহে আকাশত উৰিবলৈ যােৱাৰ সময়টো হাছানে লগত লৈ গৈছিল পুতলাটো। সাতজনে মিলি পেৰাছুটত বন্ধা বিছনাত হাছানক লৈ আকাশলৈ উৰুৱাই দিবলৈ দৌৰাৰ দৃশ্যও বন্দী হৈছে ভিডিঅ’টোত।

পেৰাছুটডাল বতাহত উৰিবলৈ লােৱাৰ সময়তে বিছনাসহ হাছানক এৰি দিয়ে। হাছানে পেৰাছুটৰ ৰছীত ধৰি উৰণ নিয়ন্ত্রণ কৰাৰ লগতে কে’বাশ ফুট ওপৰলৈ উঠি যায়। পেৰাছুট তলৰ অংশত থকা কেমেৰাত ঘৰ, ৰাস্তা-ঘাট আদি বন্দী হৈ গৈছিল। পেৰাছুটৰ বিছনাত হাছানে আকাশত প্রায় ১৫ মিনিট সময় পাৰ কৰে। টোপনি যােৱাৰ সময়ত হাছানে ঘড়ীৰ ‘এলার্ম দি থৈছিল। হাছানে কিছু সময়ৰ বাবে টোপনি যােৱাৰ কথা পাছত সকলােৰে আগত সদৰী কৰে।

আকাশত টোপনি যোৱাৰ আনন্দৰ বাবেই এই বিপদৰ সন্মুখীন হোৱাৰ কথাও পাছত ব্যক্ত কৰিছে। কাৰােবাৰ আকৌ ভয় খাই হঠাতে টোপনি ভাঙি যায়; কিন্তু বিমান-হেলিকপ্টাৰ অথবা চৰাইৰ দৰে যিকোনাে উপায়েৰেই নহওক কিয়, আকাশত উৰাৰ ইচ্ছা সকলােৰেই থাকে। অৱশ্যে তুৰস্কৰ হাছান কাভাল নামৰ পেৰাগ্লাইডাৰজনে আলানিয়াৰ আকাশত যি কৰি দেখুৱালে তেনে কথা কিন্তু কোনেও সপােনতাে নাভাবে।

Exit mobile version