ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা তেল ডিপুৰ সমীপত শনিবাৰে বিয়লি কোৰিয়াৰ চাৰ্ভিছৰ এজন কৰ্মচাৰীৰ পৰা নম্বৰ বিহীন এখন স্কুটিত অহা দুজন যুৱকে সামগ্ৰী লুট কৰা ঘটনাই এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে ।তথ্য অনুসৰি,ফৰকাটিঙৰ ঋষভ শৰ্মা আৰু হিৰকজ্যোতি বৰা নামৰ দুজন যুৱকে ভুৱা পৰিচয় দি কোৰিয়াৰ যোগেদি এটা পাৰ্চেল অনলাইন কৰে ।
শনিবাৰে পাৰ্চেলটো আহি পোৱাত কোৰিয়াৰ যুৱকজনে তেল ডিপুৰ সমীপত পাৰ্চেল আনি যুৱক দুজনক দিবলৈ ধৰোতেই কোৰিয়াৰৰ পাৰ্চেলৰ বাবদ দিবলগা লগা ২৩০০ টকা পৰিশোধ নকৰি যুৱকজনৰ পৰা কাঢ়ি লৈ পলায়ন কৰে ৷উক্ত ডেলিভাৰী বয়ৰ অভিযোগৰ ভিত্তিত ঘিলাধাৰী আৰক্ষীয়ে তৎপৰতাৰে খেদি গৈ যুৱক দুজনক ফৰকাটিঙত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কিন্তু যুৱকদুজনৰ হাতৰ পৰা উদ্ধাৰ হোৱা পাৰ্চেলটোত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় তিনিহাজাৰ খন এটকীয়া কাগজৰ নোট ৷ ঋষভ শৰ্মাৰ স্বীকাৰোক্তি অনুসৰি ড্ৰাগছ সেৱনত ব্যৱহাৰৰ বাবে অনলাইন যোগে আনিছিল এই নোটসমূহ ৷
অৱশ্যে পাছত আৰক্ষীয়ে হিৰকজ্যোতি বৰাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় চাৰিগ্ৰাম ব্ৰাউন চুগাৰ ৷ইতিমধ্যে আৰক্ষীয়ে দুই ড্ৰাগচ সেৱনকাৰীক আদালতত হাজিৰ কৰাই আজি জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।