শিমলুগুৰিৰ চিকিৎসক, সমাজসেৱক, বিজেপি নেতা ডাঃ প্ৰবীণ কোঁৱৰ পৰলোকপ্ৰাপ্তি

IMG 20200927 WA0005

নাজিৰা মহকুমাৰ জ্যেষ্ঠ চিকিৎসক শিমলুগুৰিৰ নিবাসী ডাঃ প্ৰবীণ কোঁৱৰে আজি পুৱতি নিশা ডিব্রুগড় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে নাজিৰা মহকুমাৰ ৰহদৈ আদাবাৰী সন্দিকৈ গাঁৱৰ নিবাসী প্ৰয়াত বপাৰাম কোঁৱৰ আৰু প্ৰয়াত জালিতা কোঁৱৰৰ পুত্ৰ ডাঃ প্ৰবীণ কোঁৱৰে অসমৰ বিভিন্ন ঠাইত চৰকাৰী চিকিৎসক ৰূপে কৰ্মজীৱন আগবঢ়োৱা ডাঃ কোঁৱৰে পিছলৈ নাজিৰা স্বাস্থ্য কেন্দ্ৰত বদলি সূত্ৰে যোগদান কৰে ।

নাজিৰাৰ এই স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলক স্বাস্থ্য সেৱা কৰি যোৱা সমান্তৰালকৈ সমাজসেৱাও কৰি যায় । নাজিৰা -শিমলুগুৰি উন্নয়ণৰ ক্ষেত্ৰত অহৰহ চেষ্টা কৰা ডাঃ কোঁৱৰে বিভিন্ন দল সংগঠনৰ লগত জড়িত হোৱাৰ উপৰিও এগৰাকী নাট্যকাৰ , অভিনেতা হিচাপেও পৰিচিত আছিল । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদকৰ পদ অলংকৃত কৰাৰ লগতে নাজিৰা নাট্য মন্দিৰ , শিমলুগুৰি নাট্যমন্দিৰ, নাগৰিক মঞ্চ, ইন্দৰ ষ্টেডিয়াম আদিকে ধৰি অৰ্ধ শতাধিক মঞ্চ সংগঠন আদিত জড়িত আছিল ডাঃ কোঁৱৰ ।

আনহাতে শিমলুগুৰি নগৰ সমিতি গঠনৰ ক্ষেত্ৰতো আগভাগ লোৱা ডাঃ প্ৰবীণ কোঁৱৰে চিকিৎসা সেৱা কৰি যোৱা সময়তেই অসমৰ এগৰাকী কংগ্ৰেছৰ প্ৰবীন ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সান্নিধ্যলৈ আহি ৰাজনীতিৰ আদিপাঠ শিকি ৰাজনীতিৰ লগত জড়িত হৈ পৰে । পৰৱৰ্তী সময়ত ডাঃ কোঁৱৰে চৰকাৰী চিকিৎসকৰ পদবীৰ পৰা স্বেচ্চামূলক অৱসৰ লৈ নাজিৰা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলে ।

উক্ত সময়ত কংগ্ৰেছৰ পৰা টিকট নোপোৱাত ডাঃ কোঁৱৰে তেওঁৰ সহধৰ্মীনি জুৰি কোঁৱৰক নিৰ্দলীয় হিচাপে সমষ্টিটোত প্ৰক্ষেপ কৰে । অৱশ্যে জুৰি কোঁৱৰ পৰাজিত হয় আৰু তাৰ পিছতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা দলটোত যোগদান কৰে ডাঃ প্ৰবীণ কোঁৱৰে । বিজেপিত যোগদান কৰা ডাঃ কোঁৱৰে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টা চলাইছিল । এই দলত কাম কৰি যোৱাৰ সময়তেই প্ৰায় এবছৰৰ পূৰ্বে বৃক্ক ৰোগত আক্ৰান্ত হৈ নতুনকৈ বৃক্ক সংৰূপন কৰে ।

এনে এক জটিল অষ্ট্ৰোপচাৰ হোৱাৰ পিছতো গেৰুৱা দলটোৰ সাংগাঠনিক দিশটো তনকিয়াল কৰিবৰ বাবে অসুস্থত শৰীৰেই নিৰলসভাৱে কাম কৰি যায় । ব্যক্তিগত চেম্বাৰত চিকিৎসা সেৱা , দল সেৱা আগবঢ়াই যোৱাৰ সময়তেই হঠাৎ শাৰীৰিক অসুস্থতাত ভোগে আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় যদিও পিছত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হয় । চিকিৎসা চলি থকাৰ সময়তেই আজি পুৱতি নিশা ৩-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকগৰাকীয়ে ।

ইফালে ক’ভিদত মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰাত বিশিষ্ট সমাজসেৱক ডাঃ প্ৰবীণ কোঁৱৰক ওচৰৰ পৰা অন্তিম শ্ৰদ্ধা জনোৱাৰ পৰা বিৰত থাকিব লগা হয় দল সংগঠন, ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি শতাধিক গুণমুগ্ধ । মৃত্যুৰ সময়ত ডাঃ কোঁৱৰে ইহ সংসাৰত পত্নী, দুই কন্যা, ভগ্নীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায় ।

Exit mobile version