সমাগত শীত

PTI16 09 2020 000065B

ভাৰত চীন সীমান্তত বিগত পাঁচ মাহে অব্যাহত থকা উত্তেজনাৰ মাজত অনাগত শীতকালত ল’ব লগা সকলো সাৱধানতাৰ প্ৰস্তুতি কৰিছে ভাৰতীয় জোৱানে ৷ সেনাই পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত আৰ্মড ৰেজিমেণ্টৰ টী-৯০ আৰু টী-৭২ ট্ৰেঙ্কাৰসমূহক সাজু কৰিছে৷লগতে সাজু কৰিছে বহু যুদ্ধ ট্ৰেঙ্কাৰ।এই ট্ৰেঙ্কাৰসমূহৰ বৈশিষ্ট্য এয়ে যে মাইনাছ ৪০ ডিগ্ৰী তাপমাত্ৰাত ইয়াক অপাৰেট কৰিব পাৰি ।

এক বিশেষ সূত্ৰৰ মতে” লাডাখত শীতকালত বতৰ বেয়া হয় । গতিকে এই সময়লৈ আমি সম্পূৰ্ণ সাজু হৈছো। নিউট্ৰিশ্যন আৰু হাই কেলৰী যুক্ত খাদ্য আমাৰ লগত আছে ৷ খাদ্য, শীতকালত পিন্ধা কাপোৰ, এই সকলোবোৰ এতিয়া আমাৰ লগত আছে । মেজৰ জেনেৰেল অৰবিন্দ কাপুৰে সংবাদমাধ্যমৰ সন্মুখত কয় যে পূৰ্বৰে পৰা শীতকালত ইয়াৰ তাপমাত্ৰা মাইনাছ ৩৫ ত উপনীত হয় । লগতে প্ৰচণ্ড বৰফৰ বতাহো আহে ৷ এই সময়ত বৃহৎ বৃহৎ ট্ৰেঙ্কাৰ, বন্দুক আদিক চোৱা চিতা কৰা যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ ।

উল্লেখযোগ্য ২৯-৩০ আগষ্টত চীনে নিজৰ ট্ৰেঙ্কাৰ সাজু কৰিছিল । আৰু ভাৰতৰ কিছু স্থানত অধিকাৰ কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে চীনৰ এই অভিসন্ধি বাস্তৱত ৰূপায়িত হ’বলৈ দিয়া নাছিল। আনহাতে ভাৰতীয় সেনাই কেৱল চীনক সীমান্তৰ পৰাই ওফৰাই দিয়া নাই ৷ তেওঁলোকে চীনক পেংগং হ্ৰদৰ দক্ষিণী অঞ্চলৰ পৰাও আঁতৰাই পঠাইছে ।

Exit mobile version