■ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে জনসাধাৰণে যাতে ক’ভিড প্ৰট’কল মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখে সেই ক্ষেত্রত সজাগ কৰিবৰ বাবে জনসাধাৰণৰ মাজত সাৰ্বজনীক আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। সামাজিক কর্মী, এন জি অ’, শিক্ষাৰ্থী আৰু শিক্ষকসকলক এই আন্দোলনত জড়িত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
■ Centre For Cellular and Molecular Biology ৰ CSIRয়ে স্বাস্থ্যকর্মীৰ সুৰক্ষা মজবুত কৰাৰ বাবে কিমান দূৰলৈকে আৰু কিমান সময়লৈকে কৰ’না ভাইৰাছ সংক্ৰমিত লোকৰ পৰা বতাহত থাকে এই সম্পৰ্কত চিকিৎসালয়ৰ পৰিৱেশত এক গৱেষণা আৰম্ভ কৰে । চিচিএমবিৰ পৰিচালক ৰাকেশ মিশ্ৰই কয় যে, ১০ দিন আগেয়ে এই গৱেষণাটি আৰম্ভ কৰা হৈছিল। অধ্যয়নৰ উদ্দেশ্য আছিল- এই ভাইৰাছবিধ প্ৰকৃততে বতাহত বিয়পে নেকি? যদি বিয়পে স্বাস্থ্যকর্মীসকলে কি কৰা উচিত । উল্লেখ্য যে, কৰ’না ভাইৰাছ বতাহত বিয়পাৰ প্ৰমাণ আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ২০০ জন বৈজ্ঞানিকে প্ৰায় দুমাহৰ আগতে দাবী কৰাৰ পাছতে এই গৱেষণাৰ আৰম্ভ কৰা হৈছিল।
■ গোৱাৰ DGP মুকেশ কুমাৰ মীণাৰ দেহত সোমবাৰে ধৰা পৰে কৰ’না ভাইৰাছৰ অৱস্থিতি। ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ভাইৰাছৰ কিছু লক্ষণে দেখা দিছিল । লগতে চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনায় যে, বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ।
■ ভাৰতত ৮২,১৭০ টা ক’ভিডত নতুনকৈ সংক্ৰমিত ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পিছত ৬০ লাখৰ সীমা অতিক্ৰম কৰে আক্ৰান্তৰ সংখ্যাই । সোমবাৰে ৮২,১৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয় আৰু বিগত ২৪ ঘণ্টাত ১,০৩৯ জন লোক মৃত্যু হয় । বৰ্তমান ভাৰতত ৯,৬২,৬৪০ জন লোক চিকিৎসাধীন হৈ আছে আৰু ৫,০১,৬৫২১ জন লোক সুস্থ হৈ উঠিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জানিবলৈ দিছে।
ক’ভিড প্ৰট’কলৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সাৰ্বজনীক আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ
