কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষবৰ্ধনে মুকলি কৰিলে প্ৰথমটো কৰ’নাৰ ভেকচিন সম্পৰ্কীয় পৰ্টেল

vaccine 1601303253

ভাৰতত কৰ’না ভেকচিনক লৈ সকলো তথ্য উপলব্ধ হ’ব এটা পৰ্টেলত ৷ভাৰতত প্ৰথমবাৰৰ কাৰণে ICMR য়ে এটা ভেকচিন পৰ্টেল মুকলি কৰিছে। ভেকচিনৰ এই পৰ্টেলটোক উদঘাটন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষবৰ্ধনে ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে জনসাধাৰণৰ মাজত জাগৰণৰ সৃষ্টি কৰিবৰ কাৰণে এই পৰ্টেলটো উদঘাটন কৰিছে। এই পৰ্টেলত ভাৰতত ভেকচিন সম্বন্ধীয় সকলো তথ্য উপলব্ধ হ’ব। আনহাতে এই পৰ্টেলত অন্যান্য ৰোগৰ সকলো ভেকচিনৰ বিষয়েও উপলব্ধ হ’ব ৷

উল্লেখযোগ্য যে ভাৰতত সম্প্ৰতি তিনিটা কৰ’না ভেকচিনৰ ওপৰত যাৱতীয় কাম কাজ চলি আছে। এই তিনিটা ভেকচিনৰ ট্ৰায়েল বিভিন্ন পৰ্যায়ত আছে ৷ভাৰতৰ তিনিটা কৰ’না ভেকচিনৰ ভিতৰত আছে ভাৰত বায়’টেক, ICMR ৰ Covaxin, ZyKov -D আৰু অক্স’ফৰ্ড এষ্ট্ৰাজেনেকাৰ Covishield ৷

ইপিনে আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ICMR ৰ ১০৮ বছৰৰ যাত্ৰাক স্মৰণ কৰে ৷লগতে ICMR ৰ ইতিহাসৰ টাইমলাইনক মুকলি কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়” আজি এটা ঐতিহাসিক দিন ৷ICMR ৰ ১০০ বছৰৰ টাইমলাইনক মুকলি কৰাটো মোৰ কাৰণে সন্মানৰ বিষয়ে।”

লগতে তেওঁ ICMR ৰ লগত জড়িত বৈজ্ঞানিকসকলৰ অৱদানক যোগদান কৰে ৷

Exit mobile version