নিশাটোতে কোটিপতি! উত্তৰ প্ৰদেশত কিশােৰীৰ বেংক একাউণ্টত হঠাৎ জমা হ’ল ১০ কোটি টকা

money 4

কোনাে লটাৰী জয় অথবা অপৰাধত জড়িত নােহােৱাকৈয়ে এনিশাতে ১০ কোটি টকাৰ গৰাকী হ’ল উত্তৰ প্ৰদেশৰ ১৬ বছৰীয়া এগৰাকী কিশােৰী । বালিয়া জিলাৰ ৰুকুৰােৰা গাঁৱৰ কিশােৰী সৰৰাজে দুবছৰ পূর্বে স্থানীয় বেংকত খােলা একাউণ্টত বেলেন্স পৰীক্ষা কৰিবলৈ গৈ দেখে যে তেওঁৰ একাউণ্টত জমা হৈ আছে ৯ কোটি ৯৯ লাখ চাৰি হেজাৰ ৭৩৬ টকা ।

সৰােজৰ পৰিয়ালৰ আর্থিক অৱস্থা শােচনীয়। পিতৃয়ে আহমেদাবাদত সৰু এটি চাকৰি কৰে। কেনেকৈ তেওঁৰ একাউণ্টত এই বৃহৎ পৰিমাণৰ ধন জমা হ’ল তাকে লৈ উৱাদিহ পােৱা নাই সৰােজ আৰু তেওঁৰ পৰিয়ালে। ইতিমধ্যে আৰক্ষীক এই বিষয়ে জনােৱা হৈছে যদিও কোনাে শুংসূত্র ওলােৱা নাই। সম্প্রতি এই একাউণ্টৰ সকলাে লেনদেন বন্ধ ৰখা হৈছে।

Exit mobile version