মমতা বেনাৰ্জী কৰ’নাতকৈও ভয়াৱহ

WhatsApp Image 2020 09 28 at 7.01.57 PM

বিজেপি নেতা তথা অলপতে ৰাষ্ট্ৰীয় সচিবৰ দায়িত্ব লাভ কৰা অনুপম হাজাৰাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰজু কৰিছে ৷ কাৰণ হাজৰাৰ মন্তব্য যে যদিহে তেওঁৰ কৰ’না হয় তেন্তে প্ৰথমতে সাৱটি ধৰিব মমতা বেনাৰ্জীক ।কাৰণ তেতিয়াহে ক’ভিডত আক্ৰান্ত লোকৰ দুখ দুৰ্দশা বুজি পাব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

ইয়াৰ পাছতে তৃণমূল কংগ্ৰেছেও চিলিগুৰি আৰক্ষী থানাত গোচৰ ৰজু কৰিছে হাজাৰাৰ বিৰুদ্ধে ৷ হাজাৰে কয় “আমাৰ কৰ্মীসকলে কৰ’নাতকৈয়ো ভয়ানক শত্ৰুৰ লগত যুঁজি আছে৷সেয়া হ’ল মমতা বেনাৰ্জী ৷ যেতিয়া তেওঁলোকে মমতা বেনাৰ্জীৰ বিৰুদ্ধে মাস্ক পৰিধান নকৰাকৈয়ে যুঁজিব পাৰে ৷ তেতিয়াহ’লে কৰ’নাৰ বিৰুদ্ধেও মাস্ক পৰিধান নকৰাকৈয়ে যুঁজিব পাৰিব ৷”

উল্লেখযোগ্য যে দক্ষিণ বাৰুইপুৰত ক’ভিড প্ৰট’কল ভংগ কৰি বিজেপিয়ে অনুষ্ঠিত কৰে বিশাল দলীয় সভা । সভাত উপস্থিত থকা একাংশ বিজেপি কৰ্মীয়েই পৰিধান কৰা নাছিল মাস্ক । সামাজিক দূৰত্ব বৰ্তাই ৰখা বিষয়টো সাংবাদিকে আঙুলিয়াই দিয়াত বিজেপি নেতা অনুপম হাজাৰেই কয় “কৰ’নাক তেওঁলোকে ভয় নকৰে । কৰ’নাতকৈয়ো তেওঁলোকৰ বাবে ডাঙৰ শত্ৰু হৈছে মমতা বেনাৰ্জীহে ।

Exit mobile version