অনলাইনতে দৰ্শন কৰক বৈষ্ণু দেৱী মন্দিৰ, ঘৰতে পাওক প্ৰসাদ

default

প্ৰতি বছৰে লাখ লাখ ভক্তই বিখ্যাত মাতা বৈষ্ণু দেৱী মন্দিৰ দৰ্শন কৰি আহিছে । কিন্তু ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত এইবাৰ ভক্তসকলে বৈষ্ণু মন্দিৰ দৰ্শনৰ হাবিয়াস পূৰণ কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছে।

ADVERTISEMENT

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাতা বৈষ্ণু দেৱী মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই অনলাইনতে ভক্তসকলক এই মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনাৰ সুবিধা মুকলি কৰিলে ৷ অহা অক্টোবৰৰ পৰা এই মন্দিৰৰ এটা এপ মুকলি কৰা হ’ব আৰু এই এপৰ জৰিয়তে ভক্তই বৈষ্ণু দেৱী মন্দিৰ অনলাইনত দৰ্শন আৰু পূজা কৰাৰ সুবিধা লাভ কৰিব ।

ভক্তৰ নামত মন্দিৰত পূজা অৰ্পণ কৰি মন্দিৰ পৰিচালনা সমিতিয়ে নিৰ্দিষ্ট ভক্তলৈ মাতা বৈষ্ণু দেৱীৰ প্ৰসাদ প্ৰেৰণ কৰিব ৷ ৭২ ঘন্টাৰ ভিতৰতে ভক্তই পাঁচশৰ পৰা ২১০০ টকা মূল্যৰ প্ৰসাদ এই মন্দিৰৰ পৰা ডাকযোগে ঘৰতে থাকি লাভ কৰিব পাৰিব ।

Exit mobile version