চিৰাঙত পুনৰ তৃতীয়বাৰৰ বাবে বিটিচিৰ নিৰ্বাচনৰ দাবীত বিপিএফৰ প্ৰতিবাদ আৰু স্মাৰক প্ৰদান

WhatsApp Image 2020 09 29 at 7.13.10 PM

আজি পুৱা চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ৰ পৰা জিলা যুৱ বিপিএফ আৰু জিলা সমিতি বড়োলেণ্ড ছাত্ৰ সন্থা(বিএচ ইউ)ৰ দুই শতাধিক কৰ্মকৰ্তাই বিটিচিত অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ‍্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি নকৰাৰ দাবীত সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায় আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ জৰিয়তে মুখ‍্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰক প্ৰদান কৰে ।

চিৰাং জিলা সমিতি বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি অশোক ব্ৰহ্ম, জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি নাথ সহ প্ৰায় দুই শতাধিক কৰ্মকৰ্তাই সমদল উলিয়াই বিটিচিত ‘অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰক, ৰাজ‍্যপালৰ শাসন আমাক নালাগে, বিহাৰত নিৰ্বাচন হলে বিটিচিত কিয় নহ’ব’ ইত‍্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে কাজলগাঁওৰ পৰিৱেশ।

Exit mobile version