নগাঁৱত কৰ’না আক্ৰান্ত মহিলাই এম্বুলেন্সৰ ভিতৰতে প্ৰসৱ কৰিলে সন্তান

mritunjoy 108 b

হোজাই জিলাৰ লংকাৰ পৰা মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱাৰ গাড়ীৰে নগাঁৱৰ ম’হখুলিস্থিত মাতৃমংগল আৰু শিশু চিকিৎসালয়লৈ বুলি আনি থকা এগৰাকী গৰ্ভৱতী মহিলাই আজি এম্বুলেন্সৰ ভিতৰতে সন্তান প্ৰসৱ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নগাঁও চিকিৎসা মহাবিদ্যালয় চৌহদত থকা ম’হখুলীস্থিত চিকিৎসালয় খনলৈ চিকিৎসাৰ বাবে আনি থকাৰ অৱস্থাতে লংকাৰ ৰূপালী আচাৰ্যী নামৰ মহিলা গৰাকীয়ে গাড়ীৰ ভিতৰতে এটি সন্তান প্ৰসৱ কৰে।

স্মৰ্তব্য যে, ক’ভিড-১৯ত আক্ৰান্ত প্ৰসূতি গৰাকীক হোজাই জিলাৰ পৰা নগাঁৱলৈ চিকিৎসাৰ বাবে অনা হৈছিল। কিন্তু নগাঁৱৰ ম’হখুলীস্থিত চিকিৎসালয় পোৱাৰ পূৰ্বেই মাতৃগৰাকীয়ে এম্বুলেন্সৰ ভিতৰতে সন্তান প্ৰসৱ কৰে । আনহাতে, ক’ভিড ৰোগীৰ বাবে মহখুলিস্থিত চিকিৎসালয়খনত কোনো ব্যৱস্থা নথকাত চিকিৎসালয়খনত প্ৰসূতি গৰাকীক লৈ এতিয়া বিপাঙত পৰিছে স্বাস্থ্যকৰ্মীসকল।

অৱশ্যে চিকিৎসালয়খনত থকা আন প্ৰসূতিৰ দেহলৈ যাতে কৰ’না সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে প্ৰসূতিগৰাকীক আছুতীয়াকৈ ৰখা হৈছে। ইয়াৰ মাজতে ভাল খবৰ এইটোৱে যে বৰ্তমানলৈকে প্ৰসূতি আৰু সন্তান দুয়ো সুস্থ হৈ আছে বুলি প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

Exit mobile version