প্ৰসংগঃকংগনা-BMC বিবাদ

927860 kangana ranaut sanjay raut haraamkhor court

বিতৰ্কিত অভিনেত্ৰী কংগনা ৰণৌটৰ কাৰ্যালয় উচ্ছেদ কৰাৰ গোচৰত বোম্বে উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই গোচৰৰ শুনানিত বিবাদিত হাৰামখোৰ প্ৰসংগত আদালতে কঠোৰতা অৱলম্বন কৰি কয় যে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কাক উদ্দেশ্য কৰি “হাৰামখোৰ”বুলি কৈছিল সেই কথা তেওঁ আদালতক স্পষ্ট ভাৱে জনাব লাগিব।

ADVERTISEMENT

আদালতত কংগনাৰ অধিবক্তাই যুক্তি দৰ্শাই কয় যে কংগনাই চৰকাৰ বিৰোধী কিছু মন্তব্য প্ৰকাশ কৰিছিল ।আৰু তেওঁৰ এক টুইটৰ সন্দৰ্ভত সঞ্জয় ৰাউটে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।ৰাউটে কৈছিল যে কংগনাক শিক্ষা দিব লাগিব। অধিবক্তাই আদালতত এক ভিডিঅ’ ক্লিপ দাখিল কৰিছিল আৰু এই ভিডিঅ’ ক্লিপত ৰাউটে কংগনা বিৰোধী প্ৰতিক্ৰিয়া প্ৰকাশৰ সময়ত অভিনেত্ৰীগৰাকীক উদ্দেশ্যি “হাৰামখোৰ”বুলি কৈছিল।

এই ভিডিঅ’ ক্লিপ লাভৰ পাছত বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কয় যে ৰাউটে কাক উদ্দেশ্যি “হাৰামখোৰ” শব্দটো ব্যৱহাৰ কৰিছিল সেয়া আদালতক জনাব লাগিব ।উল্লেখযোগ্য যে বিগত সময়ত কংগনাই মায়ানগৰী মুম্বাইক পাকিস্তানৰ লগত তুলনা কৰিছিল ।ইয়াৰ পিছত BMC য়ে শিৱসেনাৰ ইংগিতত কংগনাৰ কাৰ্যালয়টো অবৈধ বুলি উচ্ছেদ চলাই ।অৱশ্যে পাছত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত BMCয়ে এই উচ্ছেদ স্থগিত ৰাখে ।

ইয়াৰ পাছতেই কংগনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কটু মন্তব্যৰে সমালোচনা কৰে। আনকি মুখ্যমন্ত্ৰী থাকৰেক “তই” বুলি ক’বলৈও আপোচ নকৰিলে কংগনাই।তাৰ মাজতে উদ্ধৱ থাকৰেই কয়”মোৰ নিৰৱতাক দুৰ্বলতা বুলি ভাবিব নালাগে।” গতিকে কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এই বাক বিতণ্ডাই অনাগত দিনত কি ৰূপ লয় সেইয়া হ’ব লক্ষ্যণীয় ৷ইপিনে, মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনাৰ সৈতে তীব্ৰ বাক-বিতণ্ডা মাজতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিৱাৰিক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰানাউটে ।

ৰাজ্যপাল ভগত সিং কোছৱাৰীৰ সৈতে প্ৰায় ৪৫মিনিট ধৰি বাৰ্তালাপ কৰে অভিনেত্ৰীগৰাকীয়ে। এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সন্মুখত বিগত সময়ত সন্মুখীন হোৱা অসুবিধাৰ সন্দৰ্ভত অৱগত কৰে। কংগনাই কয় “মই বহু সৌভাগ্যশালী ৷কাৰণ ৰাজ্যপালে মোক নিজৰ কন্যাৰ নিচিনাকৈ সকলো কথা শুনিছে আৰু মই আশা কৰিম মই ন্যায় পাম।আনহাতে কংগনাৰ কাৰ্যালয়টো উচ্ছেদ কৰাৰ কাৰণে কংগনাৰ প্ৰায় ২কোটি টকা লোকচান হৈছে ৷

কংগনাই এই কাৰ্যালয়টো নিৰ্মাণ কৰিবলৈ ব্যয় কৰিছিল ৪৮ কোটি টকা ৷অভিনেত্ৰীগৰাকীয়ে ১০ ছেপ্টেম্বৰত কৈছিল “মই জানুৱাৰীত কাৰ্যালয়টো মুকলি কৰিছিলো। ইয়াৰ পাছতেই কৰ’না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰে ।ময়ো কাম বন্ধ কৰি দিলো৷ মোৰ ওচৰত এইটো কাৰ্যালয় পুনৰ নিৰ্মাণ কৰিবলৈ টকা নাই। মই এইটো কাৰ্যালয়তে কাম কৰিম ৷আৰু কাৰ্যালয়টো এনেকৈয়ে ৰাখিম ৷”

Exit mobile version