প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

rhea chakraborty can face up to 10 years in prison if found guilty

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহৰ পৰিপ্ৰেক্ষিতত NCBয়ে গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ লগতে পাঁচজন অভিযুক্তৰ আজি বোম্বে উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানি হ’ব ৷

ইফালে NCBৰ বিষয়া সমীৰ বানখেড়েই সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ত সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ কৰে ।NCB য়ে দাবী কৰে যে দুয়োজনেই ড্ৰাগছ নিজৰ কাৰণে নহয় বেলেগৰ কাৰণে সংগ্ৰহ কৰিছিল ।এইয়া বহু গম্ভীৰ অভিযোগ ৷NDPS আইন মতে এইয়া সকলোতকৈ গম্ভীৰ অভিযোগ ।

NCBয়ে ১৪ জুনত আত্মহত্যা কৰা সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ উত্থাপন কৰি কয় যে ৰিয়াৰ অভিনেতাজনৰ কাৰণে ড্ৰাগছ যোগান ধৰি বহু ভয়ানক কাম কৰিছে ৷উল্লেখযোগ্য যে NCB য়ে ৰিয়াক ২ দিন সোধপোছৰ পিছত ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰে ৷ৰিয়া সম্প্ৰতি মুম্বাইৰ ভায়খলা কাৰাগাৰত আৱদ্ধ ৷

আনহাতে ৰিয়াৰ জামিন আবেদন এতিয়ালৈকে দুবাৰ নাকচ কৰা হৈছে। ৰিয়াৰ বিৰুদ্ধে অভিযোগ যে তেওঁ সুশান্তৰ কাৰণে মাদকদ্ৰব্য যোগান ধৰিছিল। মাদকদ্ৰব্যক সৰবৰাহক লৈ NCB য়ে ৰিয়াৰ লগতে ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু বহু লোকক গ্ৰেপ্তাৰ কৰিছে ।ইয়াৰ ভিতৰত সুশান্তৰ কৰ্মচাৰী আৰু কিছুমান মাদকদ্ৰব্য সৰবৰাহকাৰীও অন্তৰ্ভূক্ত আছে। ৰিয়াৰ whatsapp মেচেজ পৰীক্ষা কৰা পাছত এই লোকসকলৰ কথা NCB য়ে জানিব পাৰে ৷

ইপিনে সংবাদমাধ্যমৰ তথ্য অনুসৰি ৰিয়াই মাদকদ্ৰব্য সেৱনৰ সন্দৰ্ভত শ্ৰদ্ধা কাপুৰ,ছাৰা আলী খান আৰু দীপিকা পাডুকনৰ উপৰিও বলীউডৰ ২৫ গৰাকী চেলিব্ৰেটীৰ নাম উল্লেখ কৰিছে ৷ইতিমধ্যে এইসকল বলীউডৰ হাইপ্ৰফাইল অভিনেত্ৰীৰ সোধ পোচ অব্যাহত আছে ।

Exit mobile version