মই নিজকে অতি ভাগ্যৱান বুলি ভাবিছো, এই সিদ্ধান্তই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ কৰাৰ পথ প্ৰশস্ত কৰিলেঃ লাল কৃষ্ণ আডৱানী

WhatsApp Image 2020 09 30 at 6.46.30 PM

আজি ২৮ বছৰৰ পুৰণি বাবৰি মছজিদৰ শুনানি দিয়ে চিবিআইৰ বিশেষ আদালতে ৷ চিবিআইৰ বিশেষ আদালতে আজি এই বাবৰি মছজিদ ধ্বংসৰ অভিযোগত অভিযুক্তসকলক নিৰ্দোষী বুলি শুনানি দিয়ে । আদালতে এই মছজিদৰ ধ্বংসৰ ঘটনা পূৰ্ব পৰিকল্পিত নাছিল বুলি সদৰী কৰে ।

ইফালে বাবৰি মছজিদৰ ধ্বংসৰ গোচৰৰ পৰা মুক্ত হোৱাৰ পাছত এই গোচৰত অভিযুক্ত অন্যতম জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ জ্যেষ্ঠ নেতা আডৱানীয়ে কয় “মই নিজকে অতি ভাগ্যৱান বুলি ভাবিছো । এই সিদ্ধান্তই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ কৰাৰ পথ প্ৰশস্ত কৰিলে ।

আডৱানীয়ে কয় “মই মোৰ দলৰ সকলো কৰ্মকৰ্তা,নেতা আৰু অযোধ্যা আন্দোলনৰ সময়ত নিস্বাৰ্থভাবে সেৱা আগবঢ়োৱা লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছো ৷ লগতে আডৱানীয়ে কয়, “মই শ্ৰী মহিপাল অহলুৱালিয়াৰ নেতৃত্বাধীন আইনী দলটোৰ সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো ।”

Exit mobile version