আজিৰে পৰা সলনি হ’ব এ টি এম, ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ

105559703 1541623167297gettyimages 1058203736

যদি আপুনি ডেবিট আৰু ক্রেডিট কার্ড ব্যৱহাৰ কৰে, তেন্তে পহিলা অক্টোবৰৰ পৰা কেতবােৰ নতুন নিয়ম-নীতি পালন কৰিব লাগিব । ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (আৰ বি আই)ই ইতিমধ্যে   জাৰি কৰা ডেবিট-ক্রেডিট কার্ডৰ নতুন নিয়ম আজিৰে পৰা দেশজুৰি প্ৰৱর্তিত হৈছে । আন্তর্জাতিক লেনদেন, অনলাইন লেনদেন আৰু কনটেক্টলেছ কাৰ্ডৰ লেনদেনৰ ক্ষেত্ৰত নতুন নিয়মসমূহ প্রযােজ্য হ’ব । ইয়াৰ লগতে ডেবিট- ক্রেডিট কার্ড ব্যৱহাৰৰ ক্ষেত্ৰত লাভ কৰা কিছুমান বিশেষ সেৱাও বন্ধ কৰা হ’ব। ষ্টেট বেংক অৱ ইণ্ডিয়া, আই চি আই চি আই আৰু এইচ ডি এফ চি বেংকে ইতিমধ্যে গ্রাহকলৈ এই সন্দৰ্ভত ম’বাইল বার্তা প্ৰেৰণ কৰিছে ।

পহিলা অক্টোবৰৰ পৰা অৰ্থাৎ আজিৰে পৰা এ টি এম কাৰ্ডৰ জৰিয়তে আন্তর্জাতিক লেনদেন নিষিদ্ধ হ’ব । গ্রাহকৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি আৰ বি আয়ে এ টি এম কাৰ্ডৰ জৰিয়তে আন্তর্জাতিক লেনদেন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । নতুন নিয়ম প্ৰৱৰ্তিত হােৱাৰ পাছত কাৰ্ডৰ ধাৰকে আন্তর্জাতিক লেনদেন, ঘৰুৱা লেনদেন, অনলাইন লেনদেন, কনটেক্টলেছ কার্ড লেনদেনৰ বাবে নিজৰ ইচ্ছানুসৰি বিকল্প নির্বাচন কৰি ল’ব লাগিব ।

গ্রাহকে নিজৰ চাহিদা অনুসৰি এইসমূহ সুবিধা গ্রহণ কৰিব পাৰিব আৰু ইয়াৰ বাবে আবেদন জনাব লাগিব। কাৰ্ডৰ গ্ৰাহকে লেনদেনৰ সীমাও নিজে নির্ধাৰণ কৰি ল’ব পাৰিব । এইসমূহ নতুন নিয়ম-নীতিৰ জৰিয়তে ডেবিট আৰু ক্রেডিট কার্ডৰ ব্যৱহাৰত ইমানদিনে হােৱা কিছুমান জালিয়াতি ৰােধ কৰা হ’ব বুলি আৰ বি আয়ে আশা কৰিছে।

Exit mobile version