উন্মাদ ষাঁড়গৰুৰ উপৰ্যুপৰি আক্ৰমণৰ পৰা আইতাকক বচাই প্ৰশংসাৰ পাত্ৰ হ’ল নাতিয়েক : চাওঁক ভিডিঅ’

WhatsApp Image 2020 10 01 at 6.11.18 PM

এটা ভাইৰেল ভিডিঅ’। ভিডিঅ’টিৰ দৃশ্য দেখিলে নিশ্চয় আপোনাৰ গাৰ নোম শিয়ঁৰি উঠিব । হাৰিয়ানাত এটা ল’ৰাই বৃদ্ধা আইতাকক এটা উন্মাদ ষাঁড়গৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনস্তি চেষ্টা কৰে । সোমবাৰে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এই ঘটনাটো সংঘটিত হৈছিল ।

ANI ৰ দ্বাৰা প্ৰচাৰিত এই ভিডিঅ’টিত চিচিটিভিৰ ফুটেজত এগৰাকী মহিলাই ৰাস্তাৰে আহি থকাৰ সময়তে হঠাৎ উন্মাদ ষাঁড়গৰুটোৱে অপ্ৰত্যাশিত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মহিলাগৰাকী মাটিত পৰি যোৱা দেখিবলৈ পোৱা গৈছে । মহিলাগৰাকীয়ে পৰাৰ পৰা উঠিবলৈ চেষ্টা কৰোতেই পুনৰ আক্ৰমণ কৰে মহিলাগৰাকীক

। তাৰ পিছতে মহিলাগৰাকীক ৰক্ষা কৰিবলৈ নাতিয়েক দৌৰি আহে । কিন্তু আইতাকক উঠাবলৈ চেষ্টা কৰোতেই দুয়োজনকে পুনৰ আক্ৰমণ কৰাত দুয়ো উফৰি পৰে । তাৰ পিছতে মহিলাগৰাকীৰ ঘৰৰ আন সদস্যসকল ওলাই আহি ষাঁড়গৰু টোক খেদিবলৈ যত্ন কৰে । আনহাতে, সূত্ৰত পোৱা তথ্য অনুসৰি ষাড়গৰুটোৱে তিনিজনক আক্ৰমণ কৰে ।

ইউটিউব আৰু টুইটাৰত ভিডিঅ’টো ব্যাপকভাৱে ভাইৰেল হয় । আইপিএস দীপাংশু কাব্ৰাই এই ভয়ানক ঘটনাটোৰ সন্দৰ্ভত টুইটাৰত লিখে যে, “এই সাহসী ল’ৰাটোৰ বাবে প্ৰশংসাৰ পৰিমাণ পৰ্যাপ্ত নহয় । “

Exit mobile version