নৱেম্বৰত খুলিব বিদ্যালয়, ডিচেম্বৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব, অটুত থাকিব গোৰ্খা সকলৰ অধিকাৰ: হিমন্ত বিশ্ব শৰ্মা

IMG 20201001 182849

বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত অহা ৬ অক্টোবৰত সৰ্বদলীয় বৈঠক আৰু ৭ অক্টোবৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগে বি টি চিৰ নিৰ্বাচন অক্টোবৰ আৰু নৱেম্বৰত অনুষ্ঠিত কৰিব নালাগে বুলি পৰামৰ্শ আগবঢ়াইছে ৷ ‘প্ৰয়োজন হ’লে ডিচেম্বৰত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হওঁক ৷ এয়া এক সম্পূৰ্ণ অৰাজনৈতিক আৰু জনতাৰ স্বাৰ্থত আগবঢ়োৱা পৰামৰ্শ ৷ স্বাস্থ্য বিভাগ এই স্হিতিত অটল আছে ৷’ আজি শোণিতপুৰৰ চাৰিদুৱাৰত এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

তেওঁ লগতে কয় যে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিবেশ এতিয়াও হোৱা নাই ৷ আজি চতিয়া সমষ্টিৰ চাৰিদুৱাৰত কন্যকা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰা মন্ত্ৰী শৰ্মাই লগতে কয় যে শেহতীয়াকৈ কভি’ডৰ পজিটিভিটিৰ হাৰ হ্ৰাস হৈছে ৷ বৰ্তমান এই পৰিমাণ ২.৫ শতাংশলৈ হ্ৰাস পোৱা বুলি মন্তব্য কৰি কয় যে সৰ্বসাধাৰণে যদি মাস্ক পৰিধানৰ লগতে সামাজিক ব্যৱধান মানি চলে তেন্তে অক্টোবৰ মাহত কৰ’নাৰ পৰা নিশ্চিত ভাৱে পৰিত্ৰাণৰ আশা কৰিব পাৰি ৷ কিন্তু দুৰ্গা পূজাৰ কালত নিজকে এৰি দিয়া হয় তেন্তে ফলাফল ভাল নহ’ব বুলি সতৰ্ক কৰি দিয়ে ৷

আনহাতে ৰাজ্যৰ বিদ্যালয় সমূহ ১৫ অক্টোবৰৰ বিপৰীতে পহিলা নৱেম্বৰৰ পৰাহে খোলা হ’ব ৷ বিজেপিৰ মণ্ডল সভাপতি ধ্ৰুৱ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে গোৰ্খা সকলে অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত শংকিত হোৱাৰ কোনো কাৰণ নাই ৷ গোৰ্খা সকল ৰাজ্যৰ এক প্ৰাচীন জাতি আৰু তেওঁলোকে জনজাতীয় এলেকাত ভূমি ক্ৰয়ৰ অধিকাৰ কেতিয়াও নেহেৰায় ৷ বৰ্তমান একাংশই এনেবোৰ বিষয়ত অপপ্ৰচাৰ চলোৱা বুলিও মন্তব্য কৰি ড° শৰ্মাই কয় যে, বড়ো সকলে অসমৰ পৰা পৃথক নহওঁ বুলি কৈছে আৰু এতিয়া কেৱল বড়ো ভূমিতে নহয়, সমগ্ৰ ৰাজ্যতে শান্তিৰ পৰিবেশ ঘূৰি আহিছে ।

ইপিনে, এই অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষীৰ উপপৰিদৰ্শক কেলেংকাৰীত জড়িত ৰৌ বৰালী কিয় দৰিকণা মাছো সাৰি যাব নোৱাৰে ৷ শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই বিষয়ত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি পদ্ম হাজৰিকাই কয়, পি কে দত্তক কোনে নিযুক্তি দি ইমানবোৰ দুৰ্নীতি কৰাৰ সুযোগ দিছিল? কংগ্ৰেছৰ শাসনকালত দুৰ্নীতিত জড়িত এই সকল বিষয়াক কংগ্ৰেছ দলেই ৰক্ষণাবেক্ষণ দি আছিল বাবেই এই কেলেংকাৰী সংঘটিত হৈছে আৰু কংগ্ৰেছৰ শাসন কালত এনে বহু সংখ্যক দুৰ্নীতি পৰায়ণ বিষয়াৰ সৃষ্টি হৈছে ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস ৷

Exit mobile version