বাবৰি মছজিদ ধ্বংসৰ শুনানিৰ পাছত আছাদুদ্দিন ওৱেছিৰ হুংকাৰ

652442 owaisi

২৮ বছৰ পুৰণি বাবৰি মছজিদ ধ্বংসৰ শুনানি বুধবাৰে লক্ষ্ণৌৰ বিশেষ আদালততে প্ৰদান কৰিলে। বিশেষ আদালতে  বাবৰি মছজিদ সন্দৰ্ভত সকলো অভিযুক্তক নিৰ্দোষী হিছাপে ঘোষণা কৰে। বিশেষ আদালতৰ মতে বাবৰি মছজিদ ধ্বংসৰ পৰিকল্পনা পূৰ্বকল্পিত নাছিল ।

ইয়াৰ পাছতে All India Majlis-e-Ittehadul Muslimeen প্ৰধান আছাদুদ্দিন ওৱেছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷AIMIM য়ে টুইটাৰ একাউণ্টৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ইয়াৰ দ্বাৰা সমাজলৈ নেতিবাচক বাৰ্তা বহন কৰিব।

ওৱেছিয়ে কয়”এই সিদ্ধান্তৰ দ্বাৰা প্ৰতিপন্ন হ’ব যে এনেধৰণৰ কাম কৰা লোকসকলৰ কোনো শাস্তি নহয় ৷তেওঁলোকে ক্নীন শ্বিটহে লাভ কৰিব ৷

লগতে ওৱেছিয়ে এই ঘটনা সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাসকলক কটাক্ষ কৰি কয় ” লালকৃষ্ণ আডৱানি,উমা ভাৰতী,আদি নেতাসকলে জনপ্ৰিয়তা আৰু শাসন ভাৰ কেৱল বাবৰি মছজিদ ধ্বংসৰ কাৰণে লাভ কৰিছে ৷

উল্লেখযোগ্য যে ওৱেছিয়ে উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ সিদ্ধান্ত ল’ব বুলি আশা প্ৰকাশ কৰিছে।

Exit mobile version