বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত দ্বিবন ডেকাক জেৰা অব্যাহত

diban deka si 7
# প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাক বৰ্তমান আৰক্ষী বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই ।
# যোৱা নিশা পাটাছাৰকুছি থানাত আত্মসমৰ্পণ কৰাৰ পাছতে অভিযুক্ত বিজেপি নেতাজনক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।
# অভিযুক্ত দ্বিবন ডেকাক প্ৰথমতে অসম আৰক্ষীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে যদিও স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছৰে পৰা বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছে ।
# আত্মসমৰ্পণৰ সময়ত   পত্নী বিভা কলিতায়ো সংগ দিয়ে দ্বিবন ডেকাক।
Exit mobile version