৭৫ বছৰত ভৰি থলে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

WhatsApp Image 2020 10 01 at 8.24.32 PM

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি ওপজা দিন । ৭৫ বছৰত ভৰি থলে ৰাষ্ট্ৰপতি গৰাকীয়ে । দেশৰ ১৪ তম ৰাষ্ট্ৰপতি হিচাপে এন ডি এ জোঁটৰ পৰা নিৰ্বাচিত হোৱা এই বৰ্ষীয়ান ৰাষ্ট্ৰপতি গৰাকীক টুইট যোগে জন্মদিনৰ শুভকামনা জনাই নৰেন্দ্ৰ মোদীয়ে ।

টুইটাৰত মোদীয়ে লিখে, ‘ওপজা দিনৰ বহুত বহুত শুভকামনা ৰাষ্ট্ৰপতি জী ।আপোনাৰ অন্তৰ্দৃষ্টি ,নীতিগত বিচাৰৰ বিবেচনা আমাৰ দেশৰ বাবে সকলোতকৈ ডাঙৰ সম্পত্তি ।মই আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ুৰ কামনা কৰিলোঁ ।’ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ কে’বাগৰাকীও ৰাজনীতিবিদে নিজৰ নিজৰ টুইটাৰ হেণ্ডেলত ৰাষ্ট্ৰপতি গৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনাই শুভেচ্ছাবাণী প’ষ্ট কৰে ।

Exit mobile version