অসমৰ বাবে এটা সুখবৰ ৷ “পৰীক্ষা’ নামৰ চলচ্চিত্ৰখনৰ বুচ্চি পাছোৱানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অসম তথা বলীউডৰ বিশিষ্ট অভিনেতা আদিল হুছেইনক ইণ্ডো-জাৰ্মান চলচ্চিত্ৰ সপ্তাহত শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয় । এই সন্দৰ্ভত অভিনেতা আদিল হুছেইনে টুইটাৰত উল্লেখ কৰে “পৰীক্ষা” নামৰ চলচ্চিত্ৰখনৰ বুচ্চি পাছোৱানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বাৰ্লিনত অনুষ্ঠিত হোৱা ইণ্ডো-জাৰ্মান চলচ্চিত্ৰ সপ্তাহত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি পুলকিত হৈ পৰিছো । এই স্বীকৃতিৰ বাবে আপোনালোকক ধন্যবাদ ৷
উল্লেখযোগ্য যে অসমৰ গোৱালপাৰাৰ বাসিন্দা আদিল হুছেইনে বহুকেইখন বলীউদ তথা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰত অভিনয় কৰিছে।তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল, মাৰাঠী, মালয়ালম, ফৰাচী আদি ভাষাৰ ছবিতো অভিনয় কৰিছে। আনহাতে অসমৰ গৌৰৱ আদিল হুছেইনৰ আন্তৰাষ্ট্ৰীয় সন্মান প্ৰথম নহয় ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে বহু ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে ৷ ইয়াৰ ভিতৰত হোটেল ছেলভেশ্যন আৰু মাজ ৰাতিৰ কেতেকী ছবিৰ বাবে ২০১৭চনত ৰাষ্ট্ৰীয় বঁটা (জুৰীৰ বিশেষ বঁটা) লাভ কৰিছিল।































