চৰকাৰী অনুদান পৰা বঞ্চিত নগাঁৱৰ কে’বাটাও চিনেমাগৃহ
ৰাজ্যৰ চলচ্চিত্ৰ তথা সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ। প্ৰায় চাৰিটা দশক ধৰি নগাঁও চহৰৰ এক সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা অভিজাত চিনেমাগৃহ”অদিতি”ত পৰিল হাতুৰীৰ কোব । মধ্য অসমৰ অগণন সংস্কৃতিপ্ৰেমী ৰাইজৰ বহু স্মৃতি জড়িত হৈ থকা এই চিনেমাগৃহটোৰ ওপৰত চলিল বুলডজাৰৰ নিৰ্মম আঘাত । কিয়নো চৰকাৰৰ ভুল সাংস্কৃতিক নীতি,ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ চৰম বৈষম্য,অতিমাৰী কৰ’নাৰ বিভীষিকা, দীঘলীয়া তলাবন্ধ, আনলক, কৰ’নাজনিত কঠোৰ স্বাস্থ্য বিধি আদিৰ পৰিপ্ৰেক্ষিতত জুৰুলা হৈ পৰা এই চিনেমা গৃহটোত হোৱা লোকচানৰ বাবেই অনিচ্ছাকৃত ভাৱেও চিনেমাগৃহটোৰ স্বত্বাধিকাৰীয়ে ইয়াক বন্ধ কৰি দিবলৈ বাধ্য হয়।
ইমানেই নহয় এই ঐতিহ্য মণ্ডিত চিনেমাগৃহটো হোজাই জিলাৰ পাৰ্থ বৰা নামৰ এজন ব্যৱসায়ীক বিক্ৰী কৰা হয় ।ইয়াৰ পাছতেই বৰাৰ নিৰ্দেশত এই চিনেমাগৃহটো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰা হয়।এতিয়া অদিতি চিনেমাগৃহৰ ওপৰত বুলডজাৰ চলোৱা, হাতুৰীৰ নিৰ্মম প্ৰহাৰৰ দৃশ্য প্ৰত্যক্ষ কৰি পথচাৰীয়ে হুমুনিয়াহ কঢ়া পৰিলক্ষিত হৈছে।বিস্মৃতিৰ অটল গহ্বৰত বিলীন হ’বলৈ ধৰিছে নগাঁও, মৰিগাঁও,হোজাই, কাৰ্বি-আংলং,ডিমাহাচাও জিলাৰ অজস্ৰ ৰাইজৰ বহু স্মৃতি। ষাঠিৰ দশকতে নগাঁও চহৰৰ মাজমজিয়াৰ ইটাচালিত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতেই অসমীয়া ব্যৱসায়ী নন্দেশ্বৰ বৰাই নিৰ্মাণ কৰাইছিল অতি আটকধুনীয়া “অদিতি” চিনেমাগৃহৰ।
১৯৭৯ চনত শ্ৰুতিমধুৰ সংগীতৰে ভৰা “পেহলী” নামৰ হিন্দী ছৱিখনেৰে চিনেমা গৃহটো মুকলি কৰা হৈছিল অতি আড়ম্বৰপূৰ্ণ ভাৱে। আটকধুনীয়া চিত্ৰগৃহ, প্ৰকাণ্ড পৰ্দা, সুন্দৰ ছাউণ্ড চিষ্টেম,সুন্দৰ আলোকসজ্জা, আৰামদায়ক আসন সমৃদ্ধ চিনেমাটোত চিনেমা চোৱাটো এসময়ত এক গৌৰৱৰ বিষয় আছিল। ১৯৮০চনৰ ২২ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা চুপাৰ হিট অসমীয়া ছবি “আজলী নবৌ”নগাঁও চহৰৰ অদিতি চিনেমা হলত সগৌৰৱে আঠ সপ্তাহ চলিছিল। অসংখ্য হাউছফুল চিনেমাৰ মাজৰে”ককা দেউতা নাতি আৰু হাতী”, “এক দুজেকে লিয়ে”আৰু “কোৰবানী”প্ৰদৰ্শনৰ সময়ত চিনেমা হলটোত হোৱা দৰ্শকৰ অভূতপূৰ্ব ভিৰৰ কথা এতিয়াও মনত ৰাখিছে নগঞা ৰাইজে।
স্মৰ্তব্য যে,আশীৰ দশকত বিখ্যাত গজল গায়ক পঙ্কজ উধাচে এই হলটোতে এক অনুষ্ঠান পৰিবেশন কৰি গৈছিল। এসময়ত অদিতি চিনেমা গৃহৰ টিকট কাউন্টাৰৰ সন্মুখত হোৱা প্ৰচণ্ড ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফ বাহিনীও নিয়োগ কৰিব লগীয়া হৈছিল।হলটোত চিনেমাৰ চাৰিটাকৈ দৰ্শনীৰ ব্যৱস্থা আছিল। প্ৰতিটো দৰ্শনীৰ অন্তত চিনেমাগৃহটোৰ সন্মুখত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ব্যাপক যানজঁটৰ সৃষ্টি হৈছিল।সেই অদিতি চিনেমা গৃহটোৱেই এতিয়া নিচ্ছন্ন কৰিবলৈ আৰম্ভ কৰিছে।আৰু কেইটামান দিনৰ পিছতে হলটোৰ অৱশেষ অংশখিনিও শেষহৈ যাবগৈ। জয়শ্ৰী চিত্ৰগৃহৰ দৰেই নগাঁও চহৰবাসীৰ মানসপটতহে মাথো স্মৃতি হৈ ৰ’বগৈ অদিতি চিত্ৰগৃহ ।
স্মৰ্তব্য যে,অদিতি চিনেমাগৃহ ভাঙি সেই স্থানৰ সন্মুখ ভাগত এটা শ্বপিং ম’ল আৰু পিছৰ অংশত ফ্লেট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে গৰাকীয়ে। উল্লেখ্য যে,চৰকাৰৰ চৰম অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়া স্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জয়শ্ৰী চিনেমা হলত বিগত বৰ্ষত পৰিছিল হাতুৰী কোব । হাতুৰীৰ কোবত চুৰ্ণ-বিচূৰ্ণ হৈ পৰিল ঐতিহ্যমণ্ডিত চিনেমা গৃহটো।১৯৩৮ত এই চিনেমা গৃহটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।সেই সময়ত নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা লীজত লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্য বহনকাৰী এই চিনেমা হলটো তেওঁৰ বৰ জীয়ৰী জয়শ্ৰী নামেৰে নামাকৰণ কৰিছিল।
এই চিনেমা হলটোতে ১৯৩৯ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী প্ৰদৰ্শন কৰা হৈছিল।পৰবৰ্তী সময়ত হলটো চোৱা চিতা কৰিছিল জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই।বহু কেইখন উচ্চ মানবিশিষ্ট অসমীয়া চিনেমা এই হলটোত প্ৰদৰ্শিত হৈছিল।কেইবছৰমান আগলৈকে চলি থকা এই চিনেমা গৃহটো বিভিন্ন কাৰণত বন্ধ হৈ পৰিছিল।পিছলৈ চিনেমা হলটো আৰু ভূমিৰ মালিকিস্বত্ব লাভ কৰে নগাঁৱৰ কোটিপতি ব্যৱসায়ী ধনপ্ৰদ ঘেৰাৱতে ।তেতিয়াই ব্যৱসায়ী জনে চিনেমা হলটো বন্ধ কৰি দিয়াৰ লগতে হলটো ভাঙি সেই স্থানত শ্বপিং মল স্থাপনৰ পৰিকল্পনা কৰে। এতিয়া জয়শ্ৰী চিনেমাগৃহৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই।সেই স্থানত শ্বপিং মলৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে।
আনহাতে,চহৰ খনৰ আন এটা চিনেমাগৃহ এলফিনষ্টোন বিক্ৰী হোৱাত সেই স্থানত গঢ়ি তোলা হয় বিবাহ ভৱন। সৌ সিদিনালৈকে অসম ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল নগাঁৱৰ সন্তান অভিনেতা যতীন বৰা। আনহাতে নিগমৰ উপাধ্যক্ষ নগাঁৱৰে বিজেপি নেতা অভিজিৎ নাথ। তৎসত্বেও নগাঁও চহৰৰ ইটোৰ পাছত সিটোকৈ চিনেমাগৃহ বন্ধ হৈ পৰাটো পৰিতাপৰ বিষয়। স্মৰ্তব্য যে,যতীন বৰা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হৈ থকা সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ চিনেমা গৃহক পুনৰুজ্জীৱিতকৰণৰ বাবে ৫০লাখ টকাকৈ সাহাৰ্য আগবঢ়াইছিল যদিও এই ধনৰ পৰা নগাঁৱৰ আটাই কেইটা চিনেমা গৃহকে বঞ্চিত কৰা হয়।