অসমৰ মাটিত অগপ আঞ্চলিকাৰ স্তম্ভঃ ক্ষমতা দখলেই আন্দোলনৰ লক্ষ্য হ’লে কেতিয়াও উপনীত হ’ব নোৱাৰে”-অতুল বৰাৰ শেল

ATUL BORA

ক্ষমতা দখলেই একমাত্ৰ আন্দোলনৰ যদিহে লক্ষ্য হয়, তেন্তে তেনে লক্ষ্যত কেতিয়াও উপনীত হ’ব নোৱাৰে। প্ৰকৃততে আন্দোলনসমূহৰ উদ্দেশ্য কেৱল দল গঠন কৰিবলৈহে যে আছিল, সেই কথা অসমৰ ৰাইজে বুজি পাব। ৰাজ্যত গঠিত হোৱা আঞ্চলিক দল সম্পৰ্কত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটত এনেদৰে মন্তব্য কৰি নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহে অগপ-বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে” বুলি সদম্ভে ঘোষণা কৰে।

দলৰ নতুনকৈ গঠন কৰা গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে “অগপ অসমৰ মাটিত আঞ্চলিকতাবাদৰ শক্তিশালী স্তম্ভ । আমৰ ভুল- হৈছে; কিন্তু আত্মবিশ্লেষণ , আত্মশুদ্ধিৰে অগপক অধিক শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ।” আগন্তুক বিধানসভা নিৰ্বাচনত জয়লাভৰ সম্ভাৱনা থকা বিধান সভা সমষ্টিসমূহত দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰি সৰ্বস্তৰৰ নেতা- কর্মীক নিৰ্বাচনী যুঁজৰ বাবে সাজু হ’বলৈ তেওঁ আহ্বান জনায়।

গোলাঘাট নগৰৰ প্ৰগতি চ’ৰাত দলৰ গোলাঘাট জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি,প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভা আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে। মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত গোলাঘাট জিলা পুথিভঁৰালত অনুষ্ঠিত এক অনুষ্ঠানত জিলা খনৰ প্ৰায় তিনি শতাধিক যুৱক- যুৱতীয়ে অগপ দলত আজি আনুষ্ঠানিক ভাৱে যোগদান কৰে।

Exit mobile version