খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰমোদ বড়ো আৰু হাগ্ৰামা বাহিনীক এক হোৱাৰ আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

hindu

 

বৃহত্তৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত প্ৰধান জনজাতীয় জনগোষ্ঠীৰ দুটা বৃহৎ শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে। বি টি আৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ প্ৰধান আৰু অন্যতম জনগোষ্ঠী বড়ো লোকসকল দুটা ভাগত বিভক্ত হোৱাৰ উপৰিও ক্ৰমে এটাই আনটোৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠাৰ পৰিপ্ৰেক্ষিতত খিলঞ্জীয়া জনগণৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে ৷

এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷আনহাতে এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধৰণ সম্পাদক মাধৱ দাসে কয় যে বড়ো জনগোষ্ঠীৰ মাজত দেখা দিয়া বিভাজনৰ সম্পূৰ্ণ সুবিধা লৈছে অবড়ো নামেৰে সংগঠিত হোৱা বঙ্গমূলীয়া মুছলমানসকলে ।ইপিনে বিবৃতিটোত বলেন বৈশ্য আৰু মাধৱ দাসে অসম চৰকাৰক অতি শীঘ্ৰে বি টি আৰত চলি থকা ৰাষ্ট্ৰপতি শাসন উঠাই ল’বলৈ আহ্বান জনায়। লগতে বড়ো জনগোষ্ঠী দুৰ্বল হ’লে অসমৰ খিলঞ্জীয়া শক্তি লোপ পাব বুলি পৰিষদে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

Exit mobile version