ধেমাজিত কৰ’না আক্ৰান্তৰ সংখ্যা ৪,২২৩ জনলৈ বৃদ্ধিঃ ২৪ জনৰ মৃত্যু

Coronavirus 1

ধেমাজি জিলাত ব্যাপক হাৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছে |এতিয়ালৈকে জিলাখনত মুঠ ৪২২৩ জন লোক কৰনা ভাইৰাছত সংক্ৰমিত হৈছে | ইয়াৰে ৩,০০২ জন লোক ক’ভিড- ১৯ ৰ পৰা সুস্থ হৈ উঠাত তেওঁলোকক নিজৰ ঘৰলৈ যাবলৈ দিয়া হৈছে | বৰ্তমানেও জিলাখনৰ ক’ভিড ১৯ৰ হাস্পাতালসমূহত ১,১৯৭ জন ৰোগীয়ে চিকিৎসাধীন হৈ আছে |

ইয়াৰ ভিতৰত কেইজনমান ৰোগীৰ স্বাস্থ্য সংকটজনক হোৱাত তেওঁলোকক ডিব্ৰুগড় অসামৰিক চিকিস্যালয়লৈ প্ৰেৰণ কৰা হৈছে |জিলাখনত বৰ্তমানলৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈ ২৪ জন লোকৰ মৃত্যু হৈছে |জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে জিলাখনত ৬৪,৯৯৬ জন লোকৰ ক’ৰনা পৰীক্ষা সম্পন্ন হৈছে |আজিৰ দিনটোতে জিলাখনত ৩৭ জন লোকৰ শৰীৰত ক’ভিড — ১৯ পজিটিভ পোৱা গৈছে |সেয়ে জিলা প্ৰশাসনে সকলো লোককে মাস্ক পৰিধান কৰা লগতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ৷

Exit mobile version