প্ৰাণ খুলি হাঁহক

VeeraS 0

হাঁহি স্বাস্থ্যৰ পক্ষে মহৌষধ।কোৱা হয় যে ১০০ বাৰ হাঁহি মাৰিলে ১০ মিনিট নাওঁ চলোৱা অথবা ১৫ মিনিট চাইকেল চলোৱাৰ কাম কৰে ।এই কৰ’না কালৰ পৰিস্থিতিয়ে মানুহৰ মানসিকতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে । এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ এদল বৈজ্ঞানিকে কৰা গৱেষণাত এই কথা প্ৰকাশ পাইছে যে হাঁহিয়ে মস্তিষ্কত ধনাত্মক চিন্তা জাগ্ৰত কৰে ,যিয়ে সমগ্ৰ শৰীৰতে শক্তি কঢ়িয়াই অনাত সহায় কৰে ।

হাঁহি মৰাৰ ফলত গামা ইণ্টাৰফেৰন টি কোষ, বি কোষ বৃদ্ধি পায়। যাৰ বাবে অধিক পৰিমাণে এণ্টিবডী সৃষ্টি হয়।

প্ৰাণ খুলি মৰা হাঁহিয় মন -মগজু সুস্থ কৰি তোলে ।

হাঁহিলে শৰীৰত ‘endorphins’ আৰু ‘Cortisol ‘ নামৰ দুবিধ হৰম’ন নিঃসৰিত হয় ।এই হৰম’ন দুবিধে শৰীৰৰ ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে ।

হাঁহিয়ে শৰীৰৰ বিভিন্ন ৰোগৰ লগত যুজঁ দিবলৈ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।লগতে হৃদৰোগৰ সমস্যা ও দূৰ কৰে ।হাঁহিয়ে মানসিক হতাশা দূৰ কৰাটো সহায় কৰে ।

গৱেষক সকলৰ এক তথ্যত প্ৰকাশ পাইছে যিসকল মহিলাৰ মুখত হাঁহি বিৰিঙি থাকে সেইসকল মহিলাৰ অন্যসকলৰ তোলনাত গড়আয়ুস সাত বছৰ বেছি হয় ।গতিকে সদায় প্ৰাণখুলি হাঁহক আৰু সু- স্বাস্থ্যৰ অধিকাৰী হওঁক।

Exit mobile version