ব্যক্তিগত খণ্ডলৈ বিদ্যুৎ বিতৰণ

APDCL 1
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ লগতে অসসমৰো ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে চৰকাৰে ৷কে’বাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰৰ এনে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা কৰিছে ।ইয়াৰ পৰিপ্ৰেক্ষিতত উল্লেখিত বিধেয়কত সংশোধনৰ আশ্বাস দিছে চৰকাৰে,কিন্তু সেই আশ্বাস কাৰ্যকৰী কৰাৰ পূৰ্বেই ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰি শেহতীয়াকৈ নিবিদা আহ্বান কৰা হৈছে ।এই ক্ষেত্ৰত দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত এই প্ৰক্ৰিয়া ৰূপায়ণৰ মূল আধাৰ কৰি লৈছে ৷অসম তেনে ৰাজ্যবোৰৰ ভিতৰত অন্যতম ৷অসম চৰকাৰে কোনো আপত্তি নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন দি সহযোগিতা আগবঢ়াইছে ৷ইয়াৰ পৰিপ্ৰেক্ষিতত অচিৰে অসম বিদ্যুত বিতৰণ কোম্পানী লিমিটেড ব্যক্তিগত খণ্ডৰ অধীনলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।
অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ নাম নিবিদা  আহ্বানৰ তালিকাৰ ২৭ নম্বৰত শক্তি মন্ত্ৰণালয়ে অন্তৰ্ভূক্ত কৰিছে ৷অসমৰ উপৰি কেন্দ্ৰৰ এই তৎপৰতাত বিশেষ সহযোগিতা কৰা আন এখন ৰাজ্য হ’ল উত্তৰ প্ৰদেশ ।ইয়াৰ বিপৰীতে কেন্দ্ৰীয় পদক্ষেপৰ বিৰোধিতা কৰা দুখন ৰাজ্য হ’ল কেৰালা আৰু পঞ্জাৱ। অসমে ব্যক্তিগতকৰণক সমৰ্থন জনোৱাৰ কাৰণ হিচাপে কেন্দ্ৰৰ ওচৰত দাখিল কৰা অন্যতম  যুক্তি হৈছে বিদ্যুৎ খণ্ডই সন্মুখীন হৈ অহা ধাৰাবাহিক লোকচান ।বিদ্যুত বিভাগটোক সংস্কাৰ কৰা সত্তেও অসমে আজিলৈকে লাভৰ মুখ দেখা নাই। তাৰেই গইনা লৈ অসম চৰকাৰে এই ব্যক্তিগতকৰণৰ সিদ্ধান্তক সমৰ্থন জনাইছে।
 উল্লেখযোগ্য যে বিদ্যুত আইন ২০০৩ ৰ সংশোধনৰ বাবে বিগত ২০১৩ ৰ তদানীন্তন ইউ পি এ চৰকাৰৰ দিনৰে পৰা চেষ্টা অব্যাহত আছে ।কিন্তু বিদ্যুত কৰ্মচাৰী আৰু গ্ৰাহকৰ তীব্ৰ প্ৰতিবাদৰ বাবে ইউ পি এ আৰু এন ডি এ চৰকাৰ এই ক্ষেত্ৰত তিনিবাৰ ব্যৰ্থ হয় ৷কিন্তু এইবাৰ চৰকাৰ সম্পূৰ্ণ উঠি পৰি লাগিছে ৷কৰ’নাৰ মাজতে দেশত আহ্বান জনোৱা তলাবন্ধৰ মাজতো সেয়েহে চৰকাৰে এই সম্পৰ্কীয় কাম কাজ আগবঢ়াই নিছে ৷ব্যক্তিগতকৰণেই মূল লক্ষ্য ৷
কৰ’নাৰ মাজতে যোৱা ১৭ এপ্ৰিলত শক্তি মন্ত্ৰণালয়ে সংশোধিত আইনৰ খচৰা প্ৰকাশ কৰি মাত্ৰ ২১ দিনৰ ভিতৰত সংশ্লিষ্ট পক্ষবোৰৰ মতামত বিচাৰে৷পাছত অৱশ্যে মতামতদাতা আৰু বিভিন্ন সংগঠনৰ হেঁচাত পাঁচ জুনলৈ সময়সীমা বঢ়াই দিয়া হয় ।ৰাইজৰ তৰফৰ পৰাও চৰকাৰৰ প্ৰস্তাৱক ব্যাপকভাৱে বিৰোধ কৰা হয় ৷অথচ তেনে বিৰোধক গুৰুত্ব দিয়াতো বাদেই ,শেহতীয়াকৈ শক্তি মন্ত্ৰণালয়ে ব্যক্তিগত খণ্ডৰ পৰা নিবিদাহে বিচাৰিছে। ৰাজহুৱা মতামতৰ পাছত যোৱা তিনি জুলাইত বিষয়টোক লৈ মন্ত্ৰণালয়ে ৰাজ্যবোৰৰ শক্তিমন্ত্ৰী অথবা বিভাগীয় শীৰ্ষ প্ৰতিনিধিৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰায় ৷ইপিনে অসম চৰকাৰৰ তৰফৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াত অংশ লয় আৰু ব্যক্তিগতকৰণৰ সিদ্ধান্তটোত ৰাজ্য চৰকাৰৰ সমৰ্থন ব্যক্ত কৰে ।
ইপিনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে কোঅৰ্ডিনেছন কমিটি অৱ ইলেকট্ৰিচিটি এমপ্লইজ ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছে ৷সংগঠনটোৰ অসমৰ যুটীয়া আহ্বায়কৰ অন্যতম দীপক কুমাৰ সাহাই কয় যে শক্তি মন্ত্ৰণালয়ে বিদ্যুত বিতৰণ খণ্ডক ব্যক্তিগতকৰণৰ বাবে নিবিদাৰ খচৰা প্ৰস্তুত কৰাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডকো ব্যক্তিগতকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰি জাননী জাৰি কৰিছে ৷সেয়েহে অহা পাঁচ অক্টোবৰত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো সকলো বিদ্যুৎ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব।
Exit mobile version