ভাৰতীয়ৰ পুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পৰা ডি’ ভিটামিনযুক্ত খাদ্য

immune 1

ভিটামিন ডি’যুক্ত আহাৰে প্ৰধানতঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমি সকলোৱে জানো যে, সুস্বাস্থ্যৰ বাবে ভিটামিন ডি কিমান প্ৰয়োজনীয় । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড় আৰু পেশীসমূহ সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আনহাতে, সূৰ্য্যৰ তাপৰ মাধ্যমেৰে ভিটামিন ডি আহৰণ কৰিব পাৰি।

ADVERTISEMENT

সম্প্ৰতি কৰ’না সংক্ৰমণৰ ফলত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি বাহিৰলৈ ওলোৱা প্ৰায় সীমিত কৰি দিছো । কিন্তু এই সুৰক্ষাই আমাৰ শৰীৰত ভিটামিন ডিৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাব । সম্প্ৰতি অধ্যয়ন কৰা এটা গৱেষণাত বিশেষজ্ঞই ‘ভিটামিন ডি’ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ক’ভিড ৰোগীক পৰ্যাপ্ত পৰিমাণে সহায় কৰাৰ বিষয়ে কৈছিল। শৰীৰত ভিটামিন ডিৰ পৰিমাণ বঢ়োৱাৰ এটা সৰ্বোত্তম উপায় হ’ল ভিটামিন সমৃদ্ধ খাদ্য আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা ।

পুৱাৰ আহাৰ গ্ৰহণৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা কেইবিধমান ভিটামিন ডি যুক্ত খাদ্য তলত মন কৰক –

■ Egg paratha – প্ৰ’টিন আৰু বহু পৰিমাণে ভিটামিন ডি থকা এইবিধ খাদ্য বহু উপযোগী ।

■ Lassi – পঞ্জাৱৰ গৌৰৱ আৰু ভাৰতৰ জনপ্ৰিয় গাখীৰৰ পৰা তৈয়াৰী এইবিধ খাদ্যও ভিটামিন ডি যুক্ত ।

■ oats idli- বনোৱাৰ বাবে সহজ আৰু খুব সোনকালে প্ৰস্তুত কৰিব পৰা এইবিধ খাদ্যত আপুনি ভিটামিনৰ বাদেও পাব খনিজ আৰু প্ৰটিন । এইবিধ খাদ্য আপুনি পুৱাৰ খাদ্য গ্ৰহণত তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

■ Paneer cheela – কেলচিয়াম, ভিটামিন ডি ,প্ৰটিন এই সকলোবোৰ পনিৰৰ মাধ্যমেৰে লাভ কৰিব পাৰে।

■ Daliya – ভিটামিন ডি ৰে পৰিপূৰক গাখীৰৰ স’তে ডালিয়া খাব পাৰে। আপোনাৰ পছন্দ অনুসৰি প্ৰস্তুত কৰিব পৰা এইবিধ খাদ্য স্বাস্থ্যকৰ।

Exit mobile version