চিৰাং জিলা সদৰত আছুৰ মানৱ শৃঙ্খল কাৰ্য‍্যসূচী ৰূপায়ন

WhatsApp Image 2020 10 05 at 7.08.12 PM

চিৰাং জিলাৰ সদৰ কাজলগাৱঁত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব(সংশোধনী)আইন আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা(EIA)২০২০ বাতিলৰ দাবীত এক মানৱ শৃখল কাৰ্য্যসূচী ৰূপায়ন কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে বিটিচি নিৰ্বাচনৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্ব্বাচনত বিজেপিক উৎখাত কৰিব বুলি হুংকাৰ দিয়ে । বিজেপিক প্ৰতাৰক তথা মিছলীয়াৰ দল আখ্যা আছুৰ ।

অসমবাসীক প্ৰতাৰণা কৰা শাসকীয় বিজেপি দলক পুলিয়ে পোখাই উৎখাত কৰাৰ হুংকাৰ দিয়ে আছুৱে । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা নতুনকৈ গঠিত অসম জাতীয় পৰিষদ দলক অসমবাসীয়ে আকোঁৱালি লৈছে আৰু বিজেপি আৰু অগপ দলক এইবাৰ বিদায় দিব অসমৰ পৰা এই কথাও দাবী কৰে চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে।

Exit mobile version