প্ৰসংগঃ ভাৰত-চীন সীমান্ত বিবাদ

ind china

১২ অক্টোবৰত ভাৰতে এগৰাকী নতুন সেনা বিষয়াৰ নেতৃত্বত চীনৰ সৈতে সপ্তম লানি আলোচনাত মিলিত হ’ব । কাৰণ বিগত ষষ্ঠ লানি আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে । কিন্তু সপ্তম লানি আলোচনাত হৰিন্দৰ সিঙৰ ঠাইত দায়িত্ব গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে । সম্প্ৰতি নতুন সেনা বিষয়া গৰাকীয়ে ভাৰত চীন সীমান্তৰ আলোচনাক কি দিশেৰে লৈ যায় সেয়া লক্ষ্যণীয় হ’ব ।

লোকসভাৰ মজিয়াত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চীনে এতিয়ালৈকে ভাৰতৰ ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে।ৰাজ্যসভাৰ মজিয়াত ৰাজনাথ সিঙে লগতে কয় যে চীনে এতিয়াও ভাৰতৰ প্ৰায় ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে । উল্লেখযোগ্য যে ভাৰত চীন সীমান্তৰ গালৱানত বিগত জুনত হোৱা সংঘৰ্ষত প্ৰায় ২০ জন ভাৰতৰ সেনা জোৱান ছহিদ হৈছিল ।

আনহাতে চীনৰ অধিক সংখ্যক সেনা জোৱান নিহত হৈছিল যদিও  চীনে প্ৰকৃত তথ্য এতিয়ালৈকৈ ফাদিল কৰা নাই ৷ ইপিনে ২৯ আৰু ৩০আগষ্টত চীন ভাৰতৰ অভিমুখে আগবাঢ়ি আহে যদিও ভাৰতে উচিত প্ৰত্যুত্তৰ দিয়ে ৷ ভাৰত-চীন সীমান্তত সেনাৰ উচ্চ পৰ্যায়ক বৈঠক সঘনাই অনু্ষ্ঠিত হৈছে ৷ ইয়াৰ মাজতে ১২ অক্টোবৰত হোৱা বৈঠকখন গুৰুত্বপূৰ্ণ হৈ উঠিছে ।

Exit mobile version