মুম্বাই আৰক্ষীক দিলে অভিযোগ, ৰিয়েলিটি শ্ব’ত কুসংস্কাৰ বিয়পাব স্বয়ম্ভূ দেৱী ৰাধে মাই

WhatsApp Image 2020 10 02 at 4.02.11 PM

টেলিভিছনৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ বিগ বছ-১৪’ত স্বঘােষিত ধর্মীয় গুৰু ৰাধে মাৰ অংশগ্ৰহণৰ বিৰােধিতাৰে মুম্বাই আৰক্ষী থানাত এক অভিযােগ দাখিল কৰিলে এগৰাকী মহিলাই। নিকি নামৰ মহিলাগৰাকীয়ে থানাৰ লগতে কালাৰ্ছ টিভি কর্তৃপক্ষক অভিযােগ দাখিল কৰি কয় যে ৰাধে মাইৰ দৰে বিতর্কিত স্বয়ম্ভু দেৱীৰ ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণৰ ফলত কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিয়পিব ।

ADVERTISEMENT

উল্লেখ্য যে পূর্বে নিকিয়ে তেওঁৰ প্রাক্তন স্বামী আৰু পৰিয়ালৰ আন সদস্যৰ স’তে ৰাধে মাই তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন চলােৱা বুলি অভিযােগ দাখিল কৰিছিল। বিগ বছৰ দৰে ৰিয়েলিটী শ্ব’ত ৰাধে মাই অংশ লােৱাৰ ফলত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৃদ্ধি পাব বুলি যুক্তি দৰ্শাই নিকিয়ে এই সন্দৰ্ভত মুম্বাই আৰক্ষীক প্রয়ােজনীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

Exit mobile version