সম্পত্তিৰ পাহাৰে টানিছে পি কেক

WhatsApp Image 2020 10 04 at 10.27.14 AM
সম্পূর্ণ এপষেক উকলি যােৱাৰ পাছত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে আয়ােজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ মূল অভিযুক্তক আজি পর্যন্ত চিনাক্ত কৰিব পৰা নাই তদন্তকাৰী সংস্থাসমূহে। ফলত ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হােৱা জোঁকাৰণি মাৰ
যােৱা নাই। ইয়াৰ মাজতে আত্মসর্পণৰ বাবে এইবাৰ চেষ্টা চলাইছে এই সমগ্ৰ কেলেংকাৰিৰ অন্যতম মূল অভিযুক্তৰূপে চিহ্নিত হােৱা আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদর্শক প্রশান্ত কুমাৰ দত্তই। অৱশ্যে এই সম্পৰ্কত সেউজসংকেত লাভ কৰা নাই।
চি আই ডিৰ এক সূত্ৰই  এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ ঘটনাৰে প্রত্যক্ষভাৱে জড়িত থকাৰ সম্পৰ্কত দত্তৰ বিৰুদ্ধে পর্যাপ্ত পৰিমাণে তথ্য প্রমাণ পােৱা হৈছে। সংশ্লিষ্ট গােচৰৰ পৰা ৰেহাই পােৱাৰ সকলাে পথ ৰুদ্ধ হৈ পৰাৰ বাবেই এতিয়া আত্মসমর্পণৰ চেষ্টা চলাইছে প্রাক্তন এক পৃষ্ঠাৰ পৰা আৰক্ষী বিষয়াজনে। ইয়াৰ বাবে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে এজন প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধান। কিন্তু এই ক্ষেত্ৰত দত্তই কোনাে ধৰণৰ সেউজ সংকেত লাভ কৰা নাই বুলি সূত্ৰটোৱে জনায়।
কিয় আত্মসমর্পণৰ চেষ্টা পলাতক পি কে দত্তৰ ?
প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কার্যকালত উগ্রপন্থী বিৰােধী অভিযানৰ নামত সন্ত্রাস সৃষ্টিৰে কাললৈ কুখ্যাতি অর্জন কৰা পি কে দত্তৰ সহজলভ্য ধনৰ প্রতি প্রচণ্ড লালসা থাকিলেও সম্প্রতি ৬৫ বছৰ উৰ্বৰ প্ৰাক্তন আৰক্ষী বিষয়াজন মধুমেহ ৰােগত আক্রান্ত। সেয়ে এই বয়সত কেৱল গ্রেপ্তাৰৰ ভয়ত বহুদিন আত্মগােপন কৰি থকাটো খুবেই সম্ভৱ নহয় বাবে আত্মসমর্পণৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্রহণ কৰিছে প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধানজনে। অৱশ্যে প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধানজন এই মুহূর্তত সমগ্ৰ বিষয়টো সঠিকভাৱে আগবঢ়াই
নিয়াৰ ক্ষেত্ৰত সফল হােৱা নাই বুলি সূত্ৰটোৱে জনায়। অসম আৰক্ষীৰে আন এজন জ্যেষ্ঠ তথা প্ৰভাৱশালী বিষয়াৰ কঠোৰ ভূমিকাৰ বাবেই দত্তৰ আত্মসমর্পণৰ বিষয়টো ওলমি ৰােৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে।
আত্মসমর্পণৰ সুযােগ দিয়াৰ সম্ভাৱনা ক্ষীণ নেকি?
লক্ষ্যণীয় যে দত্তক আত্মসমর্পণৰ সুযােগ দিয়াৰ পৰিৱর্তে নেপালৰ পৰাই গ্রেপ্তাৰৰ বাবে তৎপৰ হৈছে চি আই ডি। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ নিৰ্দেশত শিলিগুৰিত বাহৰ পাতি থকা দলটোৱে আজি নেপাল অভিমুখে ৰাওনা হয়। সংশ্লিষ্ট অভিযানকাৰী দলটোৰ ওচৰত বুজাবুজিৰে ধৰা দিলেও দত্তক সাধাৰণ অভিযুক্তৰ দৰে গ্ৰেপ্তাৰ কৰাৰ কৃতিত্ব ল’বলৈ ওপৰ মহলে পৰামৰ্শ আগবঢ়ায় চি আই ডিক। ইয়াৰ বাবে আত্মসমর্পণৰ বাবে দত্তই চলােৱা যাে-জাকসুযােগ হিচাপে গ্ৰহণৰ বাবে অভিযানকাৰী দলটো সাজু বুলি সূত্ৰটোৱে উল্লেখ কৰে।
কেতিয়াৰ পৰা আত্মসমর্পণৰ বাবে তৎপৰ হ’ল পি কে?
ব্যাপক দুর্নীতিৰ জৰিয়তে নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়া পি কে দত্তৰ আয়বহির্ভূত সম্পত্তিৰ বিৰুদ্ধে প্রৱর্তক সঞ্চালকালয়ে গােচৰ ৰুজু কৰাৰ পাছতে ঘনিষ্ঠ মহলে আত্মসমর্পণৰ বাবে পৰামৰ্শ আগবঢ়ায়। দত্তই নামে-বেনামে আহৰণ কৰা সম্পত্তিসমূহ যাতে ধৰি ৰাখিব পাৰে সেয়া নিশ্চিতকৰণৰ লক্ষ্যৰে এই ক্ষেত্ৰত সহমত পােষণ কৰি সমগ্ৰ বিষয়টো আগুৱাই নিয়াৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধান জনক খাটনি ধৰে। পাছত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধানজনে বিষয়টো আগবঢ়ায়াে মূৰকত থমকি ৰবলগীয়া হােৱা বুলি কয় সূত্ৰটোৱে। নামে-বেনামে গঢ়া সম্পত্তিৰ পাহাৰ বাজেয়াপ্ত হােৱাৰ আশংকা ঘনীভূত হােৱাৰ পাছৰে পৰা দত্তই এই ক্ষেত্ৰত অধিক তৎপৰতা অৱলম্বন কৰা বুলিও সূত্ৰটোৱে জনায়। সম্পত্তিৰ মােহতে এইদৰে কুখ্যাত প্রাক্তন বিষয়াজনে যিকোনাে প্রকাৰে ৰাজ্যলৈ উভতি আহিবলৈ পথ বিচাৰিছে।
Exit mobile version