ৰাজনীতিৰ পাশাখেলত বন্দী গুৱাহাটীৰ পট্টাহীন

Assam government

ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়া এক লাখ পৰিয়ালক চলিত বৰ্ষত পট্টা প্ৰদানৰ লক্ষ্য হিচাপে চৰকাৰে পদক্ষেপ হাতত লৈছে ।ইতিমধ্যে যোৱা ফ্ৰেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ত ৪৫ হেজাৰ পৰিয়ালক পট্টা প্ৰদান কৰা হয়। কিন্তু লক্ষ্যণীয়ভাৱে কামৰূপ মহানগৰ পট্টা প্ৰদানৰ তালিকাত প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো অন্তৰ্ভুক্ত নহ’ল। অথচ গুৱাহাটী মহানগৰীত বিস্তৃত হৈ থকা ৮৫ হেজাৰতকৈয়ো অধিক পট্টাহীন পৰিয়ালক লৈ নিৰ্বাচনৰ সময়ত প্ৰতিখন চৰকাৰে ৰাজনীতি কৰি আহিছে ৷উচ্ছেদৰ আশংকাত ভূগি থকা সেইসমূহ পৰিয়ালক চৰকাৰ গঠন কৰিলেই পট্টা প্ৰদান কৰা হ’ব বুলি কি কংগ্ৰেছ,কি বিজেপি সকলো দলেই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি আহিছে।

যোৱা ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত তদানীন্তন কংগ্ৰেছ চৰকাৰে প্ৰলোভন হিচাপে মহানগৰীৰ নামমাত্ৰ কেইটামান পৰিয়ালক বিয়াগোম চৰকাৰী অনুষ্ঠান আয়োজনেৰে পট্টা প্ৰদান কৰি আন হেজাৰ হেজাৰ পট্টাহীনতাক সন্তুষ্টি দিব বিচাৰিছিল। সেই একেই পদ্ধতি অৱলম্বন কৰিছে বৰ্তমান চৰকাৰখনেও৷কিন্তু চৰকাৰৰ সদিচ্ছাহীনতাৰ বাবেই কামৰূপ মহানগৰ তথা গুৱাহাটীত যোগ্য ভূমিহীন পৰিয়ালক কেতিয়ালৈ পট্টা প্ৰদান কৰা হ’ব সেয়া সম্পূৰ্ণৰূপে অনিশ্চিত হৈয়ে আছে ।কাৰিকৰী অসুবিধা অজুহাতত গুৱাহাটীত পট্টা প্ৰদানৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছে চৰকাৰে।

উল্লেখযোগ্য যে ৰাজ্যত প্ৰদান কৰা ভূমি পট্টাৰ সংখ্যা হ’ল ৫৫ ৰ পৰা ৬০ হেজাৰ। গুৱাহাটীত উপযুক্ত পৰিয়ালবোৰক পট্টা প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰাৰ ঘোষণা কৰি আহিছে চৰকাৰে। কিন্তু বাস্তৱত সেই ঘোষণা কাৰ্যকৰী হোৱা নাই। বিগত ২০১০ ত কংগ্ৰেছ চৰকাৰে উপযুক্ত পট্টাহীন পৰিয়ালবোৰক প্ৰয়োজনীয় নথিপত্ৰসহ আবেদন দাখিলৰ জাননী জাৰি কৰিছিল। সেই মৰ্মে ২২ হেজাৰতকৈও অধিক পৰিয়ালে আবেদন দাখিল কৰিছিল।

কিন্তু সেই আবেদনবোৰৰ ভিত্তিত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত গুৱাহাটী মাটিৰ পট্টাকৰণৰ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ জ্যোতি কলিতাই কয় যে চৰকাৰৰ সদিচ্ছাহীনতাৰ উপৰি অভাৱনীয় দুৰ্নীতিৰ বাবে মহানগৰীত মাটি পট্টা প্ৰদানৰ কাম আগবঢ়া নাই ।কলিতাই কয় “গুৱাহাটীত মাটিৰ পট্টাৰ কাম কৰিলে কমেও ৭২ খন চৰকাৰী টেবুল পাৰ হ’ব লাগে। প্ৰতিখন টেবুলত উংকোচ বিচাৰি মুখ মেলি ৰৈ থাকে তাৰ দায়িত্বত থকাসকল ।চৰকাৰে এইবোৰত গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যজনক। “

Exit mobile version