অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৰিয়া চক্ৰৱৰ্তী

Rhea

অৱশেষত বোম্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদকদ্ৰব্য সেৱন আৰু সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে ৷ৰিয়াৰ লগতে সুশান্তৰ কৰ্মচাৰী দীপেশ সাৱন্ত আৰু চেমুৱেল মিৰাণ্ডাও জামিন লাভ কৰে ৷কিন্তু ৰিয়াৰ ভ্ৰাতৃৰ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ কৰে ন্যায়ালয়ে ।

ৰিয়াই জামিন লাভ কৰিলেও কিন্তু ১০ দিনৰ অন্তৰে অন্তৰে অভিনেত্ৰীগৰাকী উপস্থিত হ’ব লাগিব আদালতত ।লগতে পাচপাৰ্ট জমা দিব লাগে আৰু আদালতৰ অনুমতি অবিহনে ৰিয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ।

অৱশ্যে সম্প্ৰতি NCB ৰিয়াই জামিনত অসন্তুষ্টি প্ৰকাশ কৰিছে ৷NCB ৰ এজন বিষয়া অনিল সিঙে আদালতত কৈছিল যে ৰিয়াই সুশান্তক মাদকদ্ৰব্য দিয়াৰ উপৰিও সৰবৰাহো কৰিছিল। ইয়াৰ অৰ্থ এইটোৱেই ৰিয়া অবৈধভাৱে মাদকদ্ৰব্য সৰবৰাহত জড়িত আছিল ।এইয়া সমাজৰ এক অপৰাধ ৷ কাৰণ এই কাৰ্যই সমগ্ৰ মানৱ সমাজক প্ৰভাৱিত কৰে ৷কিন্তু ৰিয়াৰ অধিবক্তা সতীশ মানচিন্দেই আদালতৰ হাতত কোনো প্ৰমাণ বুলি দাবী কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ AAIMS ৰ এক পেনেলে সদৰী কৰে যে অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা নাছিল। তেওঁ আত্মহত্যাহে কৰিছিল ৷AIIMS ৰ এক বিশেষ সূত্ৰৰ মতে পেনেলে পৰিয়াল আৰু বন্ধুসকলৰ সুশান্তক হত্যা কৰা অভিযোগক খাৰিজ কৰে।

৩৪ বছৰীয়া বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুম্বাইস্থিত বাসগৃহত ১৪ জুনত মৃতদেহ পোৱা গৈছিল ৷ইয়াৰ পাছতে মুম্বাইৰ পুলিছে সুশান্তে আত্মহত্যা কৰিছিল বুলি প্ৰকাশ কৰিলেও ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ অনুৰাগী,আৰু পৰিয়ালে এয়া হত্যা বুলি অভিযোগ কৰিছিল। সুশান্তক ন্যায় দিয়াৰ কাৰণে চলোৱা অভিযান আৰু পৰিয়ালৰ সন্দেহৰ পাছত এই সমগ্ৰ ঘটনাটো তদন্তৰ কাৰণে CBI ৰ হাতত দিয়া হয়।

সূত্ৰৰ মতে AIIMSৰ পেনেলে তদন্ত সম্পূৰ্ণ কৰিছে ৷সম্প্ৰতি CBIয়ে AIIMS ৰ প্ৰতিবেদনৰ লগত নিজৰ প্ৰতিবেদন সংলগ্ন কৰি তদন্ত আগবঢ়াব পাৰে ৷আনহাতে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয় বলীউডৰ বহু সুন্দৰী জৰিত আছে ৷মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনৰ এই সন্দৰ্ভত এতিয়ালৈকে NCB ২০ লোকক গ্ৰেপ্তাৰ কৰিছে যদিও তাৰ ভিতৰত একাংশ জামিন লাভ কৰিছে ৷বাকী সকলৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ৷

Exit mobile version