আজি আৰু কাইলৈ পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব পাঁচটা গ্ৰহাণু

Screenshot 5

দুসপ্তাহ পূৰ্বে পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ গ’ল এটি গ্ৰহাণু । অহা দুদিনত পুনৰ আন পাঁচটা গ্ৰহাণুৱে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব । ইয়াৰে এটাৰ কাইলৈকে পৃথিৱীৰ কক্ষপথত সোমাই পৰাৰ আশংকা কৰা হৈছে । অনুমান কৰা মতে ই ব’য়িং-৭৪৭বিমান এখনৰ সমান হ’ব পাৰে । মাৰ্কিন মহাকাশ গৱেষণা সংস্থা’নাছা’ই এই কথা সদৰী কৰিছে ।

যোৱা ২৪ ছেপ্টেম্বৰত পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুটো ভূ-পৃষ্ঠৰ পৰা মাত্ৰ ১৩ হেজাৰ মাইল ওপৰেৰে পাৰ হৈ গৈছিল  । ইয়াৰ পাছত ‘২০২০ আৰ কে দুই’ নামৰ গ্ৰহাণুটো পৃথিৱীৰ পৰা ২৩ লাখ ৮০ হেজাৰ মাইল দূৰত আছে । সেয়েহে গ্ৰহাণুটোক লৈ বিজ্ঞানীমহল এতিয়াই উদ্বিগ্ন হৈ পৰা নাই ।

সম্প্ৰতি নাছাই অধিক দৃষ্টি দি আছে ‘২০২০আৰ কে-দুই’ৰ ওপৰত । এই গ্ৰহাণুটো ১১৮ৰ পৰা ২৬৫ ফুট আকাৰৰ হ’ব । গতিবেগ প্ৰতি ছেকেণ্ডত ৬.৬৮ কিলোমিটাৰ । আনহাতে, কালি পৃথিৱীৰ পৰা ৬২লাখ কিলোমিটাৰ আঁতৰৰে ‘২০২০ আৰু আৰ-দুই’ নামৰ প্ৰায় ২৬ মিটাৰ ডাঙৰ গ্ৰহাণু এটা পাৰ হৈ যায়।

Exit mobile version