ইজিপ্তত আলোড়ন

Screenshot 3

মজিয়াত আছে এটা কফিন । কফিনটোৰ চাৰিওফালে থিয় হৈ আছে উৎসাহী জনতা । বহুজনে আকৌ কেমেৰা সাজু কৰি ৰাখিছে কফিনৰ পিনে লক্ষ্য কৰি । ইয়াৰ মাজতে ইজিপ্তৰ এদল প্ৰত্নতাত্ত্বিকে খুলি দিয়ে কফিনৰ ঢাকোন । ঢাকোনখন আঁতৰাই দিয়াৰ লগে লগে দেখা গ’ল আঢ়ৈ হেজাৰ পুৰণি মামি ।

ইজিপ্তৰ চাকাৰা অঞ্চলত পোৱা গৈছে উক্ত মামি । কফিন খোলাৰ ভিডিঅ’ উপস্থিত থকা সকলৰ দৰেই একাংশই হেতা-ওপৰা কৰি দৰ্শন কৰিছে ছ’চিয়েল মিডিয়াত । ইজিপ্তৰ পৰ্যটন মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি চাকাৰা অঞ্চলত ৫৯টা কফিনত বন্ধ হৈ থকা মামি উদ্ধাৰ কৰা হৈছে ।

এৰি অহা যুগৰ পুৰোহিত তথা সমাজৰ সন্মানীয় লোকসকলৰ মামি উদ্ধাৰ হোৱা কফিনবিলাকত থকাৰ সন্দেহ কৰিছে প্ৰত্নতত্ত্ববিদসকলে । ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দিয়াৰ লগে লগে ৯০ লাখৰো অধিকে দৰ্শন কৰে ।কফিন খোলাৰ বিৰল দৃশ্য দেখাৰ পাছত বিস্মিত হৈ পৰিছে বহুজন ।

Exit mobile version