ইমৰানৰ নেতৃত্বত ভুল পথত অগ্ৰসৰ দেশ, পাকিস্তানৰ ৮০ শতাংশ নাগৰিকৰ মত

WhatsApp Image 2020 10 07 at 2.14.33 PM

দেশৰ নাগৰিকৰ উন্নয়নৰ প্রতি দৃষ্টি দিয়াৰ পৰিৱর্তে প্রতিবেশী দেশত অশান্তি সৃষ্টিৰ অপচেষ্টাত লিপ্ত হৈছে পাকিস্তান । এই উদ্দেশ্যৰে দেশখনৰ চৰকাৰে নিজ দেশত বিভিন্ন সন্ত্রাসবাদীক আশ্রয় প্রদান কৰিছে। এফালে জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ অনুপ্ৰৱেশৰ অপচেষ্টা চলােৱাৰ লগতে আনফালে পাকিস্তানে আজাৰবাইজান-আর্মেনিয়াৰ যুদ্ধত সহায় কৰিবলৈ নিজ দেশৰ সেনাক প্ৰেৰণ কৰিছে । ইমৰান খানৰ প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিলে দেশবাসীয়ে ।

বিশ্বৰ তৃতীয় বৃহত্তম বজাৰ গৱেষক প্রতিষ্ঠানৰ এক সমীক্ষাত প্ৰকাশ পােৱা তথ্য অনুসৰি পাকিস্তানৰ ৮০ শতাংশ নাগৰিক ইমৰানৰ চৰকাৰৰ কাম-কাজত অসন্তুষ্ট। ফ্রান্সৰ এই প্রতিষ্ঠানটোৱে পাকিস্তানৰ বিভিন্ন গ্রাম আৰু মফচলত যােৱা ছেপ্টেম্বৰত এই সন্দৰ্ভত সমীক্ষা চলাইছিল । ১৮ বছৰৰ উৰ্ধৰ বয়সৰ ৫০০ পুৰুষ আৰু ৫০০ মহিলাক সামৰি চলােৱা সমীক্ষাটোত ৮০ শতাংশ অংশগ্রহণকাৰীয়ে মতপ্রকাশ কৰা মতে ২০১৯ৰ পৰা পাকিস্তান ভুল পথৰে অগ্ৰসৰ হৈছে ।

দেশৰ শাসন ব্যৱস্থাৰ লগতে অর্থনৈতিক দুৰৱস্থাক লৈও পাকিস্তানী নাগৰিকসকলে সমীক্ষাটোত চৰম অসন্তুষ্টি প্রকাশ কৰিছে। চৰকাৰৰ ব্যর্থতাৰ ফলতে পাকিস্তানত কর্মসংস্থাপনহীনতা আৰু দৰিদ্ৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি সমীক্ষাটোত অংশ লােৱা গৰিষ্ঠ সংখ্যকে মত ব্যক্ত কৰিছে।

Exit mobile version