ক’ভিড-১৯ ভেকচিন চলিত বছৰৰ শেষত প্ৰস্তুত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছেঃ বিশ্ব স্বাস্থ্য সংস্থা

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

ক’ভিড-১৯ ভেকচিন চলিত বছৰৰ শেষত প্ৰস্তুত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই কথা সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মূখ্য ট্ৰেড’ছ অধানামে ৷ তেওঁ ভেকচিন  প্ৰস্তুতৰ পৰৱৰ্তী সময়ত সমবিতৰণ সুনিশ্চিত কৰিবলৈ সকলো নেতাকে একত্ৰিত হ’বৰ বাবে আহ্বান জনাইছে ।

ট্ৰেডচে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী ব’ৰ্ডৰ বৈঠকত কয় “আমাক ভেকচিনৰ প্ৰয়োজন হ’ব ৷ আশা কৰিছো চলিত বৰ্ষৰ শেষলৈ আমাৰ হাতত ভেকচিন উপলব্ধ হ’ব ৷” কৰ’না ভাইৰাছৰ ভেকচিনৰ পৰিকল্পনাত ১৬৮ খন দেশ একত্ৰিত হৈছে যদিও আমেৰিকা,ৰাছিয়া আৰু চীন একত্ৰিত হোৱা নাই ।

ট্ৰেড’ছে কয় “ভেকচিন বিতৰণৰ ক্ষেত্ৰত সকলোতকৈ অধিক দায়িত্ব আছে ৰাজনৈতিক নেতাসকলৰ। সম্প্ৰতি আমাৰ সকলোৰে মাজত একতাৰ প্ৰয়োজনীয়। কৰ’নাৰ সংক্ৰমণক ৰোধ কৰিবৰ কাৰণে পাৰ্যমানে চেষ্টা কৰিব লাগিব ।”

ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ ৩৪ জন সদস্যৰে গঠিত কাৰ্যকৰী ব’ৰ্ডৰ বৈঠকত ডাক্তৰ মাইকেল ৰেয়ানে কয় যে, সংখ্যাৰ ক্ষেত্ৰত গাওঁ আৰু চহৰাঞ্চল সংখ্যাত পৰিৱৰ্তন হ’ব পাৰে ।  তেওঁ স্পষ্টকৈ কয় যে, ইয়াৰ অৰ্থ এইটো নহয় যে পৃথিৱীৰ অধিক সংখ্যক জনসংখ্যা সংকটত। তেওঁ কয় যে পৃথিৱীত প্ৰত্যেক ১০ বছৰত এজন ব্যক্তি কৰ’না ভাইৰাছত সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version