গুৱাহাটী মহানগৰীৰ শেখৰ আৰু ৰিচানে ৩০ চেপ্তেম্বৰত মাজুলীৰ পৰা উমানন্দলৈ আৰম্ভ কৰিছিল bamboo rafting । আজি উমানন্দ পোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে আজি উপস্থিত হ’ব নোৱাৰিলে ।
যোৱা নিশা ধিঙৰ ওচৰৰ চাপৰিত আৰু সোমবাৰে নিশা শিলঘাটৰ ওচৰত নিশা কটায় পুনৰ যাত্ৰা আৰম্ভ কৰে দুয়োজনে । তেওঁলোক বৃহস্পতিবাৰে ১২ বজাত উমানন্দ পোৱাৰ কথা আছে বুলি জনায় পিতৃ লাচিত বৰদলৈয়ে । লগতে তেখেতে সকলোকে দুয়োজনকে আশীৰ্বাদ কৰিবলৈ আহ্বান জনায়।