এজন সাংবাদিকসহ তিনিজন লোকক হাথৰছৰ ঘটনাৰ সন্দৰ্ভত গৈ থকা অৱস্থাত বেআইনী ক্ৰিয়াকলাপ আইন অমান্য কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । সোমবাৰে চাৰিজন লোকক মথুৰোত গ্ৰেপ্তাৰ কৰাৰ পাছত । চাৰিজন ক্ৰমে মুফাজাৰ নগৰৰ আতিক ওৰ ৰহমান, মালাপ্পুৰমৰ চিদ্দিক, বাহৰাইচৰ মাসুদ আৰু ৰামপুৰৰ আলম । ইয়াৰ ভিতৰত চিদ্দিক এজন সংবাদকর্মী ।
হাথৰছলৈ গৈ থকা অৱস্থাত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল এই চাৰিওজনক । ‘Justice For Hathras Victim’ সম্পৰ্কীয় বহু তথ্য, এটা লেপটপ আৰু আপত্তিজনক তথ্য উদ্ধাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে লোককেইজনৰ ওপৰত। আনহাতে, IPC ৰ ধাৰা 153-A, 295A, 124A ৰ ১৭ আৰু ১৪ ৰ অধীনত, ১৯৬৭ আইন আৰু ৬৫ৰ অধীনত, তথ্য প্ৰযুক্তি আইনৰ ৭২ আৰু ৭৬ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।