বলীউডৰ অভিনেতা চনু সুডে এইবাৰ দুৰ্ঘটনাত পতিত হোৱা এজন অটো চালকক সহায় কৰিব। আজি কিছুদিন পূৰ্বে অট’চালকজন দূৰ্ঘটনাৰ পতিত হয় । কিন্তু ধনৰ অভাৱৰ বাবে, তেওঁ চিকিৎসা সম্ভৱ হোৱা নাছিল৷ যাৰ কাৰণে চিকিৎসকে অ’টো চালকজনক হাত কাটি পেলাবলৈ পৰামৰ্শ দিছিল ।
কিন্তু ব্যক্তি জনৰ বিষয়ে যেতিয়া চনু সুডে জানিবলৈ পালে তেওঁ টুইট কৰি কয় “হাত কটাতো সম্ভৱ নহয়।”আনহাতে অট’ চালকজনৰ অস্ত্ৰোপচাৰ ১২ অক্টোবৰত স্থিৰ কৰিছে অভিনেতাজনে।উল্লেখযোগ্য যে অভিনেতাজনৰ দেশবাসীক সহায় কৰা খবৰ এইয়াই প্ৰথম নহয়,পূৰ্ৱতেও কৰ’নাৰ সময়তো দৰিদ্ৰসকলক সহায় সহৃদয়তাৰ পৰিচয় দিছে অভিনেতাজনে ৷
তলাবন্ধৰ সময়ত বহিঃদেশত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ লোকক নিজৰ ঘৰত উপস্থিত কৰাইছিল চনুৱে ৷চনু সুডে কৰ’না মহামাৰীকো একাষৰীয়া কৰি তলাবন্ধৰ সময়ত বহিঃদেশত আবদ্ধ লোকসকলৰ প্ৰতি দেখুওৱা উদাৰতাত দেশবাসী আজিও আপ্লুত ৷ যাৰ কাৰণে চনুৰ উদাৰতাত পঞ্চমুখ হৈ পৰিছে দেশবাসী।