চৰকাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ মেচ কছাৰী জনগোষ্ঠীৰ

WhatsApp Image 2020 10 08 at 8.42.29 PM

সম্প্ৰতি অসম চৰকাৰে কে’বাটাও জনগোষ্ঠীক স্বায়ত্ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ বিপৰীতে মেচ কছাৰী জনগোষ্ঠীয়ে চৰকাৰে তেওঁলোকক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদমুখৰ হৈ পৰিছে ৷

সমগ্ৰ অসমতে মেচ কছাৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে মেচ কছাৰী জাতীয় পৰিষদ,মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটা বৃহৎ প্ৰতিনিধিৰ দলে মেচ কছাৰী অধ্যুষিত অসমৰ প্ৰায় বাৰখন জিলা ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰি যোৱা ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড়ত সংশ্লিষ্ট মন্ত্ৰীৰ পুত্তলিকা দাহেৰে আৰম্ভ কৰি বুধবাৰে কাৰ্বি আংলংত উপস্থিত হয় ৷

কাৰ্বি আংলঙত মেচ কছাৰী জাতীয় পৰিষদ,মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ সহযোগত বোকাজান মহকুমাৰ সৰিয়হজানত এক প্ৰতিবাদী কাৰ্যসূচী সম্পাদন কৰাৰ পাছতে বোকাজান প্ৰেছ ক্লাবত কেন্দ্ৰীয় সমিতি আৰু কাৰ্বি আংলং জিলা সমিতিয়ে এক যৌথ সাংবাদিক মেলৰ আয়োজন কৰে ৷ সংবাদমেলত নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰতিখন চৰকাৰেই তেওঁলোকৰ দাবীক লৈ ৰাজনীতি কৰি আহিছে আৰু বৰ্তমানৰ চৰকাৰো তাৰ ব্যতিক্ৰম নহয় ৷

ইতিমধ্যে অসম চৰকাৰে কে’বাটাও জনগোষ্ঠীলৈ স্বায়ত্ত্ব শাসনৰ মৰ্যাদা প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে যদিও ভৈয়াম জনজাতি তালিকাৰ সপ্তম স্থানত থকা মেচ কছাৰী জনগোষ্ঠীক পুনৰ প্ৰতাৰণা কৰিলে ৷ সংবাদমেলত তেওঁলোকে কয় যে কে’বালানি আলোচনাৰ পাছত চৰকাৰে জনগোষ্ঠীটোক স্বায়ত্ত্ব শাসন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও পুনৰবাৰ বঞ্চিত কৰি চৰকাৰে অপমানিত কৰিলে মেচ কছাৰীসকলক ৷

উল্লেখযোগ্য যে ২০১৯ চনৰ ২৫ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সভাগৃহত মেচ কছাৰী জাতীয় পৰিষদৰ এখনি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত ২০২০ চনৰ ২৪ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণত পুনৰ অনুষ্ঠিত হৈছিল বৈঠক আৰু তাতে অন্যান্য জনগোষ্ঠীকেইটাৰ লগতে মেচ কছাৰী সকলকো স্বায়ত্ত্বশাসিত পৰিষদ দিয়াৰ কথা ঘোষণা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া হৈ নুঠিল ৷

সংবাদ মাধ্যমৰ আগত নেতৃবৰ্গই দিয়া বক্তব্য অনুসৰি যদিহে আগন্তুক বিধান সভাৰ শীতকালীন অধিৱেশনত মেচ কছাৰী জনগোষ্ঠীক স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদানৰ কথা ঘোষণা নকৰে তেন্তে প্ৰয়োজন সাপেক্ষে আগন্তুক বিধান সভা নিৰ্বাচনৰ ভোট বৰ্জনৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিব ৷ ইপিনে তেওঁলোকে দাবী কৰে যে পাৰ্বত্য জিলা কাৰ্বি আংলংত সংখ্যালঘু হিচাপে থকা মেচ কছাৰীসকলক জিলাখনত পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদত মেচ কছাৰী জনগোষ্ঠীৰ এজন মনোনীত সদস্য নিৰ্বাচিত কৰিব লাগে ৷

যদিহে চৰকাৰে সময় থাকোতেই উপযুক্ত পদক্ষেপ নলয় তেন্তে অনাগত দিনত মেচ কছাৰী জনগোষ্ঠীৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি সকিয়নী দিয়ে মেচ কছাৰী জাতীয় পৰিষদে ৷ সংবাদমেলত উপস্থিত থাকে মেচ কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দন মেচ,যুটীয়া সম্পাদক কমল মেচ,সুবিৰ মেচ , ছাত্ৰ পৰিষদৰ আহ্বায়ক পৰমানন্দ মেচ ,মহিলা পৰিষদৰ মন্দিৰা মেচ ,জাতীয় পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দিলীপ মেচ প্ৰমুখ্যে বহু বিষয়ববীয়া৷

Exit mobile version