পৰ্যটকৰ বাবে মুকলি কৰা হ’ল মানাস ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ পানবাৰীৰ বনচোম গেট

WhatsApp Image 2020 10 08 at 8.01.48 PM

পৰ্যটক অথবা দৰ্শনাৰ্থীৰ বাবে সুখবৰ। কৰ’না মহামাৰীৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা চিৰাং জিলাৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈসৰ্গিক দৃশ্য আৰু বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু দৰ্শন কৰাৰ বাবে আজি আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয় চিৰাং জিলাৰ পানবাৰীৰ বনচোম গেট ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণিধৰ বড়োই কয় যে তিনিটাকৈ জৈৱ বৈচিত্ৰৰ বৈশিষ্ট্য থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ উগ্ৰপন্থী সমস্যাৰ বাবে দেশী-বিদেশী পৰ্যটক আহিবলৈ ভয় কৰিছিল বাবেই বহু পিচুৱাই গৈছিল মানাহৰ উন্নয়ন । কিন্ত এতিয়া পৰিৱেশ শান্তিপূৰ্ণ হোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশা ব্যক্ত কৰে বিষয়াজনে ।

ইপিনে মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা বিটিচি বন বিভাগৰ মুখ্য বিষয়া অনিন্দ স্বৰ্গীয়াৰীয়ে কয় যে মানাহৰ শালবাৰী বনাঞ্চলত পৰ্যটক পানবাৰীত নহাৰ কাৰণ যাতায়াতৰ দুৰৱস্থা আৰু পৰ্যটকসকলৰ থকাৰ ঠাইৰ অভাৱ। তেওঁ লগতে কয় যে ইতিমধ্যে বিটিচি পৰ্যটন বিভাগে দুয়োটা বিষয়ত গুৰুত্ব প্ৰদান কৰি পথ ভাল কৈ নিৰ্মাণ কৰাৰ লগতে পৰ্যটকসকলৰ থকাৰ সু ব্যৱস্থা কৰা হৈছে বুলি জনায় । তেওঁ আৰু কয় যে পানবাৰী বনাঞ্চলত কম দিনৰ ভিতৰতে ৪-৫ টা গড় অনাৰ ব্যৱস্থা কৰা হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ফেৰ মাৰিব পৰাকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জনায় । আজি ৬৬ তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ এডিছনেল প্ৰিঞ্চিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট তথা কাউঞ্চিল হেড ডিপাৰ্টমেণ্ট ফৰেষ্ট বিষয়া অনিন্দ স্বৰ্গয়াৰীয়ে আনুষ্ঠানিকভাৱে ফিটা কাটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়ে উক্ত গেটখন।

ইয়াৰ সমান্তৰালকৈ বিষয়া গৰাকীয়ে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰা গাভৰু খুন্দা বন শিবিৰটোও আনুষ্ঠানিকভাবে উন্মোচন কৰে। আনফালে আজিৰ এই শুভ দিনটোতেই ৬৬ তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়।

মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণিধৰ বড়োয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ এডিছনেল প্ৰিঞ্চিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট তথা কাউঞ্চিল হেড ডিপাৰ্টমেণ্ট ফৰেষ্ট বিষয়া অনিন্দ স্বৰ্গয়াৰী। উক্ত সভাত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ কো-অৰ্ডিনেটৰ দেৱ কুমাৰ দত্ত, মানাস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ ফিল্ড ডিৰেক্টৰ অমল চন্দ্ৰ শৰ্মা, চিৰাং জিলা বন বিষয়া ব্ৰহ্মানন্দ পাটিৰী, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়কে আদি কৰি বন বিভাগৰ কেবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Exit mobile version