সাহিত্যৰ ন’বেলতো মহিলা

WhatsApp Image 2020 10 08 at 10.00.59 PM

পুনৰ মহিলাৰ জয়ধ্বনি প্ৰজ্বলিত হ’ল ন’বেল বঁটাত ৷

ADVERTISEMENT

চলিত বৰ্ষৰ সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছে আমেৰিকান কবি লুইচ গ্লুকে।

চুইডিছ একাডেমীৰ মতে “লুইচ গ্লুকৰ ভাষা মধুৰ তথা আপোচহীন। তেওঁৰ কবিতা পঢ়িলে বুজা যায় যে তেওঁ নিজকে সাৱলীল কৰিবলৈ প্ৰয়াস কৰে। লুইচৰ কবিতাৰ অসাধাৰণ ভাষা তথা দাৰ্শনিক সৌন্দৰ্যবোধে ব্যক্তি সত্তাক সাৰ্বজনীন কৰি তোলে।

তেওঁৰ লিখনিত প্ৰধানকৈ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়। সেইকেইটা হৈছে পাৰিবাৰিক জীৱন, ৰসাল প্ৰকাশভংগী আৰু বৌদ্ধিক আভা ৷

নিৰাভৰণ সৌন্দৰ্য আৰু কাব্যিক ভাষাৰ বাবেই এই বঁটা লাভ কৰিছে লুইজে ৷

একাডেমীৰ স্থায়ী সচিব মেটছ মামে কয় যে বঁটা প্ৰাপ্তিত গ্লুক “আশ্চৰ্যচকিত আৰু সুখী হৈছে” ৷

উল্লেখযোগ্য যে নোবেল বঁটাৰ ইতিহাসত মাৰ্কিন কবি লুইচ গ্লুক হৈছে ১৬তম মহিলা নোবেল বিজয়ী।

Exit mobile version