অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীঃবঙাইগাঁৱত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ ৰূপম দাসক গ্ৰেপ্তাৰ

WhatsApp Image 2020 10 10 at 7.03.58 PM

অসম আৰক্ষীৰ উপ পৰিদৰ্ষক নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত আছে ৷

এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ নতুন পাৰা আৰু অভয়াপুৰীত আৰক্ষীৰ অভিযান ৷

অভিযানকালত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ বন্ধু ৰূপম দাসক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে।

লগতে ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰতো আৰক্ষীয়ে পুৱাৰে পৰা অভিযান চলাই ।

তৰণী বণিক্যৰ ঘৰ অভয়াপুৰীৰ বঢ়ি গাঁৱত। ল’কাৰত বৃহৎ পৰিমাণৰ টকা লুকুৱাই ৰখাৰ সন্দেহ কৰি আৰক্ষীৰ অভিযান ।

অভিযানত উদ্ধাৰ ৩ কোটীতকৈ অধিক নগদ টকা । আৰক্ষীৰ অভিযান অব্যাহত ।

 

Exit mobile version